ফিল'বাৰী আৰক্ষীৰ অভিযানত পাঁচটাকৈ চুৰি গৰু উদ্ধাৰ - তিনিচুকীয়া
নিশা আৰক্ষীয়ে তালাচী চলাই থকাৰ সময়তে গাড়ীখন ৰখিবলৈ দিয়াৰ পিছতো গাড়ীখন নাৰাখি পলাবলৈ চেষ্টা কৰে আৰু আন্ধাৰৰ সুযোগ লৈ গাড়ী চালক পলাই যাবলৈ সক্ষম হ'য় যদিও বাদলাভেটা স্পিৰিং লাইনত আৰক্ষীয়ে AS 23 BC 5042 নম্বৰৰ বলেৰ’ গাড়ীসহ পাঁচটাকৈ গৰু উদ্ধাৰ কৰে
![ফিল'বাৰী আৰক্ষীৰ অভিযানত পাঁচটাকৈ চুৰি গৰু উদ্ধাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3493037-645-3493037-1559880119488.jpg)
তিনিচুকীয়া,7 জুনঃ তিনিচুকীয়া জিলাখনত দ্ৰুত গতিত গৰু চুৰিৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে, যাৰ পৰিপেক্ষিতত জনাসাধাৰণ শংকিত হৈ পৰিছে । বৃহস্পতিবাৰে নিশা ১২.৩০ বজাত ফিল'বাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুহেশ্বৰ দাসৰ নেতৃত্বত চলা এক তালাচী অভিযানত AS 23 BC 5042 নম্বৰৰ মহিন্দ্ৰ বলেৰ’ গাড়ী এখনৰ পৰা পাঁচটাকৈ চুৰি গৰু জব্দ কৰিবলৈ সক্ষম হৈছে । নিশা আৰক্ষীয়ে তালাচী চলাই থকাৰ সময়তে গাড়ীখন ৰখিবলৈ দিয়াৰ পিছতো গাড়ীখন নাৰাখি পলাবলৈ চেষ্টা কৰে আৰু আন্ধাৰৰ সুযোগ লৈ গাড়ী চালক পলাই যাবলৈ সক্ষম হ'য় যদিও বাদলাভেটা স্পিৰিং লাইনত আৰক্ষীয়ে AS 23 BC 5042 নম্বৰৰ বলেৰ’ গাড়ীসহ পাঁচটাকৈ গৰু উদ্ধাৰ কৰে । ইতিমধ্যে গৰু কেইটাৰ গৰাকী ডিৰাক তালপথাৰ গাঁৱৰ পুলেশ্বৰ নেওগ আৰু বসন্ত নেওগ বুলি জানিব পৰা গৈছে । তিনিচুকীয়া জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় প্ৰতি নিশাই গৰু চুৰিৰ ঘটনা পোহৰলৈ আহে যদিও বৃহস্পতিবাৰে নিশা গাড়ীসহ চুৰি গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ফিল'বাৰী আৰক্ষী ।