অসম

assam

ETV Bharat / state

হিন্দুস্থান ইউনিলিভাৰে যোগান ধৰিলে চিকিৎসা সামগ্ৰী - তিনিচুকীয়া অসামৰিক চিকিৎসালয়

হিন্দুস্থান ইউনিলিভাৰৰ প্ৰশংসনীয় পদক্ষেপ ৷ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত হিন্দুস্থান ইউনিলিভাৰৰ ক’ভিড-১৯ৰ চিকিৎসাৰ প্ৰয়োজনীয় সজুঁলি প্ৰদান ৷

covid
হিন্দুস্থান ইউনিলিভাৰৰ প্ৰশংসনীয় পদক্ষেপ

By

Published : May 20, 2021, 4:15 PM IST

ডুমডুমা, ২০ মে': ক’ভিড-১৯ৰ দ্বিতীয়টো ঢৌৱে এতিয়া জোকাৰি গৈছে সমগ্ৰ ৰাজ্য । চিকিৎসকসকলে দিনে-নিশাই নিজৰ জীৱনকো তুচ্ছ কৰি ৰোগীৰ সেৱা আগবঢ়াই আহিছে ৷ ঠিক তেনে সময়তেই তিনিচুকীয়া জিলাখনতো দ্ৰুতগতিত আগ্ৰাসন ঘটিছে ক’ভিডৰ ।

হিন্দুস্থান ইউনিলিভাৰে যোগান ধৰিলে চিকিৎসা সামগ্ৰী

তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত বুধবাৰে ডুমডুমাস্থিত হিন্দুস্থান ইউনিলিভাৰৰ তৰফৰ পৰা ভেণ্টিলেছনৰ লগতে জৰুৰীকালীনভাৱে ব্যৱহৃত বহু সজুঁলি প্ৰদান কৰে । চিকিৎসালয়খনৰ সঞ্চালক ডাঃ মৃদুল গগৈয়ে হিন্দুস্থান ইউনিলিভাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অনাগত দিনতো হিন্দুস্থান ইউনিলিভাৰে প্ৰয়োজন সাপেক্ষে সামগ্ৰী প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: আৰটিপিচিআৰ পৰীক্ষা 20 শতাংশলৈ বৃদ্ধিৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details