তিনিচুকীয়া,20 এপ্ৰিল:অসমৰ অন্যান্য জিলাৰ লগতে তিনিচুকীয়া জিলাতো দিনকদিনে বৃদ্ধি পাইছে কৰ’ণা মহামাৰীত আক্ৰান্তৰ সংখ্যা । তিনিচুকীয়া জিলা প্ৰশাসনে সোমবাৰে তিনিচুকীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷ বৈঠকৰ অন্তত ৮ মে’ পৰ্যন্ত পঞ্চম শ্ৰেণীলৈকে পাঠদান বন্ধ কৰাৰ অধিসূচনা জাৰি কৰে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত দীপু কুমাৰ ডেকাই ।
তিনিচুকীয়াত ৮ মে’ পৰ্যন্ত পাঠদান বন্ধ - covid protocol
বিগত ২৪ ঘণ্টাত ৰাজ্যখনত কৰ'ণা আক্ৰান্তৰ হাৰ ২.০৯ শতাংশলৈ বৃদ্ধি পাইছে । সোমবাৰৰ দিনটোত ৰাজ্যখনত নতুনকৈ ১,৩৬৭ গৰাকী লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি ।

তিনিচুকীয়াত ৮মে পৰ্যন্ত পঞ্চম শ্ৰেণীলৈকে পাঠদান বন্ধৰ ঘোষণা
তিনিচুকীয়াত ৮ মে’ পৰ্যন্ত পাঠদান বন্ধ
উল্লেখ্য যে, বিগত ২৪ ঘণ্টাত ৰাজ্যখনত কৰ'ণা আক্ৰান্তৰ হাৰ ২.০৯ শতাংশলৈ বৃদ্ধি পাইছে । সোমবাৰৰ দিনটোত ৰাজ্যখনত নতুনকৈ ১,৩৬৭ গৰাকী লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি । সোমবাৰৰ দিনটোতে কৰ'ণাই প্ৰাণ ল'লে ৰাজ্যৰ ৭ গৰাকী লোকৰ ।