অসম

assam

By

Published : May 17, 2021, 2:16 PM IST

ETV Bharat / state

কাকপথাৰত কৰ'ণাই প্ৰাণ কাঢ়িলে এজনৰ

ৰাজ্যত দৈনিক কৰ'ণা আক্ৰান্তৰ মৃত্যুৱে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । তিনিচুকীয়াৰ কাকপথাৰত ক'ভিড-১৯ ত আক্ৰান্ত হৈ প্ৰাণ গ'ল ধীৰেণ মৰাণ নামৰ এজন লোকৰ ।

Covid patient death in Kakopathar
কাকপথাৰত ক'ভিডত আক্ৰান্ত হৈ প্ৰাণ গ'ল এজন লোকৰ

শদিয়া,১৭ মে': এতিয়াও নিয়ন্ত্ৰণলৈ অহা নাই ৰাজ্যৰ ক'ভিড পৰিস্থিতি । বিশেষকৈ কামৰূপ মহানগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়াত ভয়াৱহভাৱে মহামাৰীৰ সংক্ৰমণ ঘটিছে । তিনিচুকীয়াৰ কাকপথাৰত পুনৰ কৰ'ণাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে এজন লোকে ।

কাকপথাৰত ক'ভিডত আক্ৰান্ত হৈ প্ৰাণ গ'ল এজন লোকৰ

মৃত লোকজন কাকপথাৰ বৰমেচাই কঠালগুৰিৰ ধীৰেণ মৰাণ বুলি জানিব পৰা গৈছে ৷ মৃত মৰাণ গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন বাংলোৰ চৰকাৰী আৱাসত আছিল ৷ ধীৰেণ মৰাণৰ পত্নীও ক'ভিড-১৯ ত আক্ৰান্ত হৈছিল আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে ৷

লগতে পঢ়ক: নাৰায়ণপুৰত নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসলৈ শ্ৰদ্ধাঞ্জলি

ABOUT THE AUTHOR

...view details