অসম

assam

ETV Bharat / state

তৈলনগৰী ডিগবৈত ক’ভিডৰ ভয়াৱহতা: এজনৰ মৃত্যু - যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা প্লাজমা সংগ্ৰহ

কৰণাত মৃত্যু ডিগবৈ শোধানাগাৰত কৰ্মৰত মুখ্য প্ৰৱন্ধক মৃণাল কুমাৰ শৰ্মাৰ ৷ দুদিনত আক্ৰান্ত 5 গৰাকীকৈ ব্যক্তি, ডিগবৈত ৰাইজৰ মাজত আতংক ৷

তৈলনগৰী ডিগবৈত ক’ভিডৰ ভয়াৱহতা। এজনৰ মৃত্যু
তৈলনগৰী ডিগবৈত ক’ভিডৰ ভয়াৱহতা। এজনৰ মৃত্যু

By

Published : Mar 4, 2021, 9:25 PM IST

ডিগবৈ, 4 মাৰ্চঃ সমগ্ৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰা কৰণাই বৃহস্পতিবাৰে প্ৰাণ ললে তৈলনগৰী ডিগবৈ শোধানাগাৰত কৰ্মৰত মুখ্য প্ৰৱন্ধক মৃণাল কুমাৰ শৰ্মাৰ ৷ জানিব পৰা মতে, মূখ্য প্ৰৱন্ধক মৃণাল কুমাৰ শৰ্মা কিছুদিনৰ পূৰ্বে কৰণাত আক্ৰান্ত হৈ ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল ৷ চিকিৎসাধীন অৱস্থাত প্লাজমাৰ প্ৰয়োজন হোৱাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা প্লাজমা সংগ্ৰহ কৰি মৃণাল কুমাৰ শৰ্মাক প্ৰদান কৰে চিকিৎসকে ৷

উল্লেখ্য যে,প্লাজমা প্ৰদান কৰাৰ পাচতো মৃণাল কুমাৰ শৰ্মাৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱাত ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰৰ পৰা বিশেষ এয়াৰ এম্বুলেন্সৰ সহায়ত উন্নত চিকিৎসাৰ বাবে দিল্লী প্ৰেৰণৰ প্ৰস্তুতি চলি থকাৰ সময়তে হৃদযন্ত্ৰ বিকল হৈ পৰে, হৃদযন্ত্ৰ বিকলৰ পাছতেই প্ৰৱন্ধক গৰাকীয়ে মৃত্যু মুখত পৰে বুলি জানিব পৰা গৈছে ৷ আনহাতে তৈলনগৰী ডিগবৈ চহৰত কালি দুজন আৰু বৃহস্পতিবাৰে তিনিজনকৈ ব্যক্তি কৰণাত আক্ৰান্ত হয় ৷ ডিগবৈ শোধানাগাৰৰ প্ৰবন্ধক মৃণাল কুমাৰ শৰ্মাৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি ডিগবৈ চহৰত খবৰ বিয়পি পৰাৰ লগে লগে ডিগবৈবাসীৰ মাজত এক আতংকৰ পৰিৱেশ সৃষ্টি হয় ৷

লগতে পঢ়কঃ টিংখাঙত চিপিআইএমএলৰ মনোনয়ন পত্ৰ সংগ্ৰহ

ABOUT THE AUTHOR

...view details