ডুমডুমা, 27 জুলাইঃ সোমবাৰে ডুমডুমাৰ অন্তৰ্গত জি. এন. বি. ৰোডৰ (লোটাছ একাডেমীৰ সন্মুখত) নিৱাসী প্ৰশান্তি মিত্ৰ নামৰ এগৰাকী মহিলাৰ মৃত্যু হয় । তথ্য অনুসৰি,মহিলাগৰাকী বিগত দুদিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল ৷
ডুমডুমাত কৰ'ণাক্ৰান্ত মহিলাৰ মৃত্যু - ডুমডুমাত কৰ'ণাক্ৰান্ত মহিলাৰ মৃত্যু
মৃত্যুৰ পাছত মহিলাগৰাকীৰ Rapid Antigen Test কৰাত তেওঁৰ দেহত COVID-19 উপস্থিতি ধৰা পৰে ।
প্ৰশান্তি মিত্ৰ
মৃত্যুৰ পাছত মহিলাগৰাকীৰ Rapid Antigen Test কৰাত তেওঁৰ দেহত COVID-19 উপস্থিতি ধৰা পৰে । মৃত মহিলাগৰাকী বিশিষ্ট লেখক তথা ডুমডুমা বংগীয় বিদ্যালয়ৰ সহকাৰী শিক্ষক দেৱজিৎ মিত্ৰৰ পত্নী ৷ 45 বছৰীয়া মহিলাগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছা পৰে ৷