অসম

assam

ETV Bharat / state

তিনিচুকীয়াৰ ডিগবৈত পুনৰ কৰ'ণাতংক

তিনিচুকীয়াৰ ডিগবৈৰ আই.অ.চি. তেল শোধনাগাৰৰ কেইবাজনো উচ্চ পৰ্যায়ৰ বিষয়াকে ধৰি বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰী কৰ'ণাত আক্ৰান্ত হোৱাৰ পাচতে শেহতীয়াভাৱে জিলাখনত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

তিনিচুকীয়াৰ ডিগবৈত পুনৰ কৰ'ণাতংক
তিনিচুকীয়াৰ ডিগবৈত পুনৰ কৰ'ণাতংক

By

Published : Feb 25, 2021, 9:40 PM IST

তিনিচুকীয়া,25 ফেব্ৰুৱাৰী:তিনিচুকীয়াৰ ডিগবৈৰ আই.অ.চি. তেল শোধনাগাৰৰ কেইবাজনো উচ্চ পৰ্যায়ৰ বিষয়াকে ধৰি বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰী কৰ'ণাত আক্ৰান্ত হোৱাৰ পাচতে শেহতীয়াভাৱে জিলাখনত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে গুজৰাটৰ পৰা অহা মনোহৰ পেটেল (৪৬) নামৰ শ্ৰমিক জনৰ কৰ'ণাত আক্ৰান্ত হৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত মৃত্যু হোৱাৰ পাচতে আৰু অধিক সংকিত হৈছে জিলাখনৰ লোক সকল ।

উল্লেখ্য যে, শোধনাগাৰটো চাট ডাউন কৰি শোধনাগাৰৰ মেইন্টেনেঞ্চৰ কামৰ বাবে বৰ্হি ৰাজ্যৰ পৰা অহা সহস্ৰাধিক শ্ৰমিকসকলৰ পৰা কৰ'ণা বিয়পাৰ সন্দেহ প্ৰকাশ কৰিছে সকলোৱে ৷ এতিয়া সম্পূৰ্ণ ক'ভিড পট'কল ভংগ কৰি ডিগবৈ চহৰত ঘূৰি ফুৰা ৰাইজৰ মাজত এক আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছে ।

ABOUT THE AUTHOR

...view details