ডুমডুমা, 9 মে': পি এম কিষানৰ আঁচনিৰ নামত তিনিচুকীয়াত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উখাপন হৈছে ৷ কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বুঢ়ীদিহিং গাঁও পঞ্চায়তত সংঘটিত হৈছে এই দুৰ্নীতি ৷
অভিযোগ অনুসৰি, প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ তালিকা প্ৰস্তুত কৰোতে পঞ্চায়তখনৰ সভানেত্ৰীৰ লগতে ৱাৰ্ড সদস্যাই প্ৰতিজন আবেদনকাৰীৰ পৰা 200 টকাকৈ ধন উৎকোচ লোৱাৰ অভিযোগ উখাপন হৈছে ৷ আনকি টকা উৎকোচ লোৱাৰ পিছতো কোনো ধৰণৰ ধন লাভ নকৰাৰ অভিযোগ আবেদনকাৰীৰ ৷ যাৰবাবে বিভাগীয় কতৃপক্ষই উক্ত বিষয় সন্দৰ্ভত উচিত তদন্ত কৰোটো বিচাৰিছে ৷