অসম

assam

ETV Bharat / state

টঙনা গুটিবাৰী-কৈলাসপুৰ গড়কাপ্তানি পথৰ মেৰামতিৰ নামত সংঘটিত দুৰ্নীতি! - ড়কাপ্তানি পথৰ মেৰামতিৰ নামত সংঘটিত দুৰ্নীতি!

টঙনা গুটিবাৰী-কৈলাসপুৰ গড়কাপ্তানি পথচোৱা মেৰামতিত কেলেংকাৰী ৷ বিভাগীয় বিষয়াই স্বীকাৰ কৰিলে অনিয়মৰ কথা ৷

টঙনা গুটিবাৰী-কৈলাসপুৰ গড়কাপ্তানি পথৰ মেৰামতিৰ নামত সংঘটিত দুৰ্নীতি

By

Published : Nov 24, 2019, 6:06 AM IST

শদিয়া,23 নৱেম্বৰ: অসম-অৰুণাচল সীমান্তৱৰ্তী কৈলাসপুৰ টঙনাবাসী ৰাইজৰ বহুদিনীয়া আশা টঙনা গড়কাপ্তানি পথৰ মেৰামতি ঠিকাদাৰে পূৰ কৰিবলৈ সক্ষম নোহোৱাত শনিবাৰে ক্ষোভিত ৰাইজে ৰাজ্যিক গড়কাপ্তানি বিভাগ তিনিচুকীয়া সংমণ্ডলৰ ক্ষেত্ৰ বিষয়া ৰাজেন বৰাক পথটোৰ সন্দৰ্ভত বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰে ৷ পৰিদৰ্শকগৰাকী নিজে উক্ত পথচোৱাত উপস্থিত থাকি স্বীকাৰ কৰিলে সংঘটিত দুৰ্নীতিৰ কথা ৷ তেওঁ জনায় যে চৌকট মজুমদাৰ নামৰ দুৰ্নীতিগ্ৰস্ত কোটিপতি ঠিকাদাৰ জনৰ ফাৰ্মত মেৰামতিৰ কাম চলি আছে ৷ লগতে বিভাগীয় অভিযন্তা কৰ্মচাৰীও এই ক্ষেত্ৰত জড়িত থকাৰ কথা পোনপটীয়াকৈ স্বীকাৰ কৰিছে ৷ উল্লেখনীয় বিষয়টো হ’ল যে এই দুৰ্নীতিৰ সন্দৰ্ভত বৰডুমচা থানাত ঠিকাদাৰৰ বিৰুদ্ধে এটা গোচৰ পঞ্জীয়ন হৈছে বুলি জানিব পৰা গৈছে ৷ তাৎপৰ্যপূৰ্ণ বিষয় এইযে যোৱা ১৭ অক্টোবৰত এই কেলেংকাৰীৰ প্ৰতিবাদত অসম অৰুণাচল সংযোগী ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধৰ দৰে কাৰ্যসূচীও ৰূপায়ণ কৰিছিল স্থানীয় ৰাইজে ৷

টঙনা গুটিবাৰী-কৈলাসপুৰ গড়কাপ্তানি পথৰ মেৰামতিৰ নামত সংঘটিত দুৰ্নীতি

পৰবৰ্তী পৰ্যায়ত জিলা উপায়ুক্তৰ সৈতেও পথচোৱাৰ সন্দৰ্ভত এলানি আলোচনা হৈছিল যদিও জিলা প্ৰশাসনেও কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ শনিবাৰে কৈলাসপুৰ আৰু টঙনাৰ ৰাইজে ক্ষেত্ৰ বিষয়া ৰাজেন বৰাক লগ কৰি পথটোৰ মেৰামতিৰ নামত সংঘটিত অনিয়মৰ বিষয়ে অৱগত কৰাত তেওঁ পথটোত উপস্থিত হৈ পৰিদৰ্শন কৰে ৷ আনহাতে অনিয়মৰ কথা স্বীকাৰ কৰাৰ লগতে ইয়াৰ পিছত হ'বলগীয়া কাম সমূহ সম্পুৰ্ণ সঠিক ভাবে হ'ব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে ৷

আৰু পঢ়ক কোকৰাঝাৰত বন বিভাগৰ অভিযানঃ জব্দ বৃহৎ পৰিমাণৰ কাঠ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details