অসম

assam

ETV Bharat / state

ন-দিহিঙত চিট প্লেনৰ নামত বৃহৎ দুৰ্নীতি ! - arunachal pradesh

অৰুণাচল প্ৰদেশৰ ন-দিহিঙত প্ৰবল খহনীয়া ৷ কি হ'ল 42 কোটি টকীয়া চিট প্লেন নিৰ্মাণৰ কাম ৷

ন-দিহিঙত চিট প্লেনৰ নামত বৃহৎ দুৰ্নীতি !

By

Published : Jul 13, 2019, 1:44 PM IST

শদিয়া, 13 জুলাই : অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ লেকাং সমষ্টিত ন-দিহিং নদীত চিট প্লেন প্ৰজেক্টৰ নামত বৃহৎ দুৰ্নীতিৰ সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ ২০১৬-২০১৭ বৰ্ষত নদীখনৰ প্ৰবল গৰাখহনীয়া ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো চিট প্লেন প্ৰজেক্টৰ বাবে মুকলাই দিছিল 42 কোটি টকা ৷ অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেইনৰ পুত্ৰ আদিত্য মেইনৰ এ কে এন্টাৰপ্ৰাইছ ফাৰ্মৰ নামত কাম কৰা প্ৰতিষ্ঠানটোৱে 2কি:মি: গৰাখহনীয়া ৰোধৰ চিট প্লেন নিৰ্মাণৰ কাম কৰিছিল যদিও কাম সমাপ্ত নৌহওতেই ভাগি যায় এটা অংশ ৷ লেকাং সমষ্টিৰ নদীখনৰ চিট প্লেন ভাগি উটি যোৱাৰ ফলত অঞ্চলটোৰ প্ৰায় চল্লিশখন গাঁৱলৈ আহিছে প্ৰবল ভাবুকি ৷ নদীখনৰ কাষতে দেউৰী গাঁও, মহাদেৱপুৰ, চিতপানী, ডিৰাক গেটকে ধৰি তিনিচুকীয়া, ডিব্ৰুগড় জিলাৰ বহু সংখ্যক গাঁও উক্ত নৈখনৰ গৰাখহনীয়া ৰোধৰ বাবে দিয়া চিট প্লেন ভাঙি যোৱাৰ ফলতে বৃহৎ ক্ষতি হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷

ন-দিহিঙত চিট প্লেনৰ নামত বৃহৎ দুৰ্নীতি !
ইপিনে মাত্ৰ দুই কি:মি: দৈঘ্যৰ চিট প্লেন নিৰ্মাণৰ দ্বাৰা গৰাখহনীয়া ৰোধৰ বাবে বিয়াল্লিশ কোটিকৈ টকা অপব্যৱহাৰ হোৱাৰ ঘটনাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ নামচাই জিলা তথা লেকাং সমষ্টিত ৷ এই চিত প্লেন প্ৰজেক্টটোৰ সিংহভাগ ধনেই মন্ত্ৰী, আমোলা, বিভাগীয় ইঞ্জিনীয়াৰে মিলি পকেটত ভৰোৱাৰ ফলত নিৰ্মাণৰ কাম শেষ নৌহওঁতেই মথাউৰি ছিগি পানীয়ে উটুৱাই নিয়াৰ অভিযোগ ৰাইজৰ ৷

ABOUT THE AUTHOR

...view details