ডুমডুমা, 25 নৱেম্বৰ: তিনিচুকীয়া জিলাৰ ফিল'বাৰীত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক অনিয়ম ৷ যোজনাৰ অধীনত ডুমডুমাৰ পৰা ফিল'বাৰী সংযোগী পথৰ পৰা 1নং হোলোং নগাঁৱলৈকে প্ৰায় 3 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হব লগা ৪.২০ কিলোমিটাৰ পথটোৰ নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে উঠিছে গাফিলতিৰ অভিযোগ ৷ ঠিকাদাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে পথটোৱা নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰ অভিযোগ ৷ খোদ ৰাইজে নিৰ্মাণৰত পথটো পৰীক্ষা কৰি আৱিষ্কাৰ কৰিলে এই ভয়ংকৰ জালিয়াতিৰ তথ্য ৷ তাৰ পাছতেই এতিয়া ঠিকাদাৰৰ কামক লৈ বহিঃপ্ৰকাশ ঘটিছে ৰাইজৰ ক্ষোভ ৷ ইফালে পথছোৱাৰ লগতে পথৰ চাইদবাম্ব সমূহ ঠেক আৰু খহি পৰা পৰিলক্ষিত হৈছে ৷
তিনিচুকীয়াৰ ফিল'বাৰীত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ - তিনিচুকীয়াৰ ফিল'বাৰীত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাত অধীনৰ ডুমডুমা-ফিল'বাৰী সংযোগী ৪.২০ কিলোমিটাৰ পথ নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ ৷ নিম্ন মানদণ্ডৰ সামগ্ৰীৰে পথ নিৰ্মাণ কৰাক কেন্দ্ৰ কৰি ৰাইজৰ উত্তেজনাৰ বহি:প্ৰকাশ ৷ আন্দোলনৰ হুংকাৰ ফিল'বাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ ৷
ৰাইজৰ অভিযোগ পথটোৰ নিৰ্মাণত এনেদৰে নিম্নমানৰ কাম কৰি ঠিকাদাৰ আৰু অভিযন্তাই মিলি ৰচনা কৰিছে বৃহৎ অংকৰ ধন আত্মসাৎ কৰাৰ ষড়যন্ত্ৰ ৷ গড়কাপ্তানী বিভাগৰ নীতি নিৰ্দেশনাক তিল মাত্ৰাও গুৰুত্ব প্ৰদান নকৰি একমাত্ৰ মুনাফা লাভৰ স্বাৰ্থত পথ নিৰ্মাণকাৰী ঠিকাদাৰী সংস্থা আৰু বিভাগীয় তদাৰকী অভিযন্তাই দুৰ্নীতিৰ বজাৰ মেলি নিম্ন মানদণ্ডৰ নির্মাণকাৰ্য কৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ তথা দল সংগঠন ৷ অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক নিৰ্মাণকাৰী ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ফিল'বাৰী আঞ্চলিক ছাত্ৰ সন্থাই, অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে ছাত্ৰ সংগঠনটোৱে ৷