অসম

assam

ETV Bharat / state

তিনিবছৰৰ অপেক্ষাৰ পাছতো নাপালে আশাৰ ঘৰখন ! - etv_bharat_assam

ইণ্ডিৰা আৱাস যোজনা ৰূপায়ণৰ নামত পুনৰ দুৰ্নীতিৰ ঘটনা ৷ ডুমডুমাৰ গাভৰুভেটি পঞ্চায়তত অভিযন্তা,ঠিকাদাৰে হিতাধিকাৰীৰ নামত আবন্টিত আঁচনিৰ ধন আত্মসাতৰ অভিযোগ ৷

তিনিবছৰৰ অপেক্ষাৰ পাছতো নাপালে আশাৰ ঘৰখন !

By

Published : Aug 6, 2019, 8:27 PM IST

শদিয়া,6 আগষ্টঃ কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ৰূপায়ণৰ নামত ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ একাংশ আমোলা বিষয়াই অসমত দুৰ্নীতিৰ পাহাৰ গঢ়ি তোলাৰ অভিযোগ উঠিছে ৷ তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত গাভৰুভেটি গাঁও পঞ্চায়ত অন্তৰ্গত শীতলপুৰ আৰু গৌৰিপুৰ গাঁৱৰ হিতাধিকাৰীৰ নামত আবন্টিত ইণ্ডিৰা আৱাস যোজনাৰ পকী গৃহসমূহৰ নিৰ্মাণকাৰ্য তিনিবছৰটো সম্পূৰ্ণ হৈ নুঠাৰ অভিযোগ উত্থাপন হৈছে ৷ প্ৰাপ্ত অভিযোগ মতে ২০১৭-১৮ বৰ্ষত উক্ত গাঁও দুখনৰ নিৰু নেওঁগ,মীনাক্ষি বৰুৱা,জুনমণি নেওঁগ,দেৱেশ্বৰ দিহিঙীয়া,নগেন দিহিঙীয়া আদিকে কৰি বহুকেইগৰাকী দৰিদ্ৰ হিতাধিকাৰীক কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ ঘৰ আবন্টন দিছিল ৷ তেনে সময়তে বিজেপিৰ কিৰণ চাৰিঙীয়া ফুকনে গাভৰুভেটি গাঁও পঞ্চায়তৰ সভাপতি হিচাপে দায়িত্ব পোৱাৰ পাছতে কংগ্ৰেছৰ দিনত আবন্টিত হিতাধিকাৰীৰ ইণ্ডিৰা আৱাস যোজনাৰ ঘৰবোৰ নিৰ্মাণৰ কাম আধাতে বন্ধ কৰি দিয়ে বিজেপিৰ নৱনিৰ্বাচিত পঞ্চায়ত সভাপতি গৰাকীয়ে ৷ পঞ্চায়তখনৰ সভাপতি গৰাকীৰ লগতে সঞ্জীৱ বৰা আৰু সঞ্জীৱ গগৈ নামৰ দুজন ঠিকাদাৰে ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰে হিতাধিকাৰীৰ ঘৰ নিৰ্মাণ নকৰাকৈ সমুদায় ধন মোকলাই আত্মসাৎ কৰা বুলি অভিযোগ কৰিছে পৰিয়ালকেইটাই ৷ লগতে তিনিচুকীয়া জিলাৰ নন্দেশ্বৰ বৰদলৈ নামৰ কনিষ্ঠ অভিযন্তা এগৰাকীয়ে গাভৰুভেটি গাঁও পঞ্চায়তত হিতাধিকাৰীৰ নামত আবন্টিত ইণ্ডিৰা আৱাস যোজনাৰ পকী গৃহ নিৰ্মাণ সম্পূৰ্ণ নকৰাকৈ সমুদায় ধন শৰাধ কৰাৰ গুৰুতৰ অভিযোগ তুলিছে ৰাইজে ৷

তিনিবছৰৰ অপেক্ষাৰ পাছতো নাপালে আশাৰ ঘৰখন !

জিলাখনৰ কাকপথাৰ খণ্ড উন্নয়ন অন্তৰ্গত গাভৰুভেটি গাঁও পঞ্চায়তৰ ফিলবাৰী শীতলপুৰ আৰু টিংখাং গাঁৱত তিনি বছৰ পূৰ্বে নিৰ্মাণ কৰা পকী গৃহসমূহ আজিও সম্পূৰ্ণ হৈ নুঠাত এক বৃহৎ কেলেংকাৰী সংঘটিত হোৱাটো নিশ্চিত বুলি হিতাধিকাৰীসকলে স্পষ্ট কৰি দিছে ৷ এই সন্দৰ্ভত হিতাধিকাৰীসকলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ফিলবাৰী আঞ্চলিক সমিতিক লিখিতভাৱে অভিযোগ দিয়াত সংগঠনটোৱে বিভাগৰ কনিষ্ঠ অভিযন্তা নন্দেশ্বৰ বৰদলৈক কেইবাবাৰো সাক্ষাৎ কৰিছিল যদিও বিষয়টো ৰহস্যজনক ভাৱে কোনো সু-উত্তৰ নাপালে ৷ জাতীয় সংগঠনটোৱেও সমস্যাটো সামাধানৰ পথ দিব নোৱাৰাৰ পাছত এতিয়া কাৰ ওচৰত দাবী উত্থাপন কৰিব ইয়াকে লৈ বিপাঙত পৰিছে হিতাধিকাৰীসকল ৷

ABOUT THE AUTHOR

...view details