শদিয়া,21 জুনঃ দেশ তথা বিশ্বত কৰ'ণাই মহামাৰী ৰূপ লোৱাৰ মাজতেই কৰ'ণা সংক্ৰান্তত এটি সু-মধুৰ গীত ৰাইজৰ মাজলৈ মুকলি কৰি দিয়ে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰিতু বসন্তই ৷ কৰ'ণাৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া চিকিৎসা কৰ্মী, আৰক্ষী, সংবাদকৰ্মী সকলৰ ত্যাগক সন্মান জনোৱাৰ অৰ্থে কাকপথাৰৰ শিল্পী ৰিতু বসন্তই লিখি উলিয়াইছে এই বিশেষ গীতটো ৷
তেখেতে গীতটোত নিজেই কণ্ঠদান কৰাৰ লগতে গীতটোৰ ভিডিঅ'টোত কাকপথাৰ আৰক্ষী থানাৰ আৰক্ষী আৰু কাকপথাৰৰ একাংশ সাংবাদিকে অভিনয় কৰিছে ৷