তিনিচুকীয়া, 21 মাৰ্চঃ কৰ'ণাৰ সম্পৰ্কে সজাগতাৰ পৰিৱৰ্তে তিনিচুকীয়াৰ ফিল'বাৰীৰ শনিবৰীয়া বজাৰত সমাগম শহস্ৰাধিক লোকৰ ৷ সমগ্ৰ বিশ্বতেই কৰ'ণা ভাইৰাছে আতংকৰ সৃষ্টি কৰাৰ সময়তে অসমৰ বিভিন্ন জিলাসমূহতো জিলা প্ৰশাসনে জনসমাগম ৰোধ কৰাৰ নিৰ্দেশনা প্ৰদান কৰাৰ লগতে জাৰি কৰিছে ১৪৪ ধাৰা ৷ কিন্তু জিলা প্ৰশাসনৰ এই নিৰ্দেশনাক যেন সম্পূৰ্ণৰূপে অমান্য কৰিছে একাংশই ৷ জিলাখনত মুকলি আছে ফিল'বাৰীৰ সাপ্তাহিক বজাৰ ৷ এই বিষয় লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে একাংশ স্থানীয় লোকে ৷
জিলা প্ৰসাশনৰ নিৰ্দেশনাক উলংঘা কৰি ফিল'বাৰীত সাপ্তাহিক বজাৰ - তিনিচুকীয়াৰ ফিল'বাৰী
বিভিন্ন জিলাত কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য় ৰাখি জিলা প্ৰশাসনে জনসমাগম ৰোধ কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে যদিও, শনিবাৰে তিনিচুকীয়াৰ ফিল'বাৰীত দেখা গ'ল ইয়াৰ বিপৰীত দৃশ্য ৷ এনে নিৰ্দেশনা জাৰি কৰা সত্বেও ফিল'বাৰীত মুকলি থাকিল সাপ্তাহিক শনিবৰীয়া বজাৰ ৷ য'ত দেখা গ'ল সহস্ৰাধিক জনতাৰ সমাগম ৷
![জিলা প্ৰসাশনৰ নিৰ্দেশনাক উলংঘা কৰি ফিল'বাৰীত সাপ্তাহিক বজাৰ ফিল'বাৰীত সাপ্তাহিক বজাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6494230-thumbnail-3x2-kk.jpg)
ফিল'বাৰীত সাপ্তাহিক বজাৰ
জিলা প্ৰসাশনৰ নিৰ্দেশনাক উলংঘা কৰি ফিল'বাৰীত সাপ্তাহিক বজাৰ
আনহাতে এই ক্ষেত্ৰত জিলা প্ৰশাসনে কেৱল মাত্ৰ নিৰ্দেশনা প্ৰদান কৰিয়েই দায়িত্ব সামৰাৰো অভিযোগ উত্থাপন কৰিছে একাংশই ৷
লগতে পঢ়কঃঅলপ সাৱধানতাই ৰক্ষা কৰিব পাৰে অনেকজনৰ জীৱনঃ প্ৰধানমন্ত্ৰী মোডী