তিনিচুকীয়া, ১০ মাৰ্চ :সমগ্ৰ শিক্ষা অভিযান তিনিচুকীয়া নগৰ খণ্ডৰ অন্তৰ্গত দুটাকৈ মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ বিদ্যালয়সমূহত আজি অৰ্থাৎ শুকুৰবাৰে মধ্যাহ্ন ভোজনৰ বাবে নিয়োজিত ৰান্ধনীসকলৰ মাজত মণ্ডল পৰ্যায়ত ৰন্ধন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় (Cooking competition among Midday Meal cooks in Tinsukia) । পি.এম পোষণৰ অধীনত বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনত পৰিপুষ্টিৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে এই ৰন্ধন প্ৰতিযোগিতা আয়োজন কৰা হয় (Cooking competition in Tinsukia) ৷
উল্লেখযোগ্য যে, সমগ্ৰ শিক্ষা অভিযান তিনিচুকীয়া নগৰ খণ্ডৰ মণ্ডল সমল কেন্দ্ৰ ৩ ৰ উদ্যোগত বিমলা প্ৰসাদ চলিহা নিম্ন প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত ৰন্ধন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে বিমলা প্ৰসাদ চলিহা নিম্ন প্ৰাথমিক বিদ্যালয়, মনিদীপ নিম্ন প্ৰাথমিক বিদ্যালয়, দহুটিয়া চুক নিম্ন প্ৰাথমিক বিদ্যালয়ে ৷ লগতে ড৹ বি. আৰ.আম্বেদকাৰ নিম্ন প্ৰাথমিক বিদ্যালয়, তিনিচুকীয়া বঙালী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, তিনিচুকীয়া বংঙীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, দুৰ্গাবাৰী শিশু উচ্চতৰ মাধ্যমিক বিদ্যালয়, হিন্দুস্থানী উচ্চ মাধ্যমিক বিদ্যালয়েও অংশ লয় এই প্ৰতিযোগিতাত ।
এই প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰবক্তা দীলমণি চাংমাই, গ্ৰন্থাগাৰিক বল্লভ গগৈ, নিবেদিতা মৰাণ, জ্যেষ্ঠ সাংবাদিক ৰূপম কাকতী । এই ৰন্ধন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে বিমলা প্ৰসাদ চলিহা নিম্ন প্ৰাথমিক বিদ্যালয়, দ্বিতীয় স্থান লাভ কৰে তিনিচুকীয়া বংঙীয় উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু তৃতীয় স্থান লাভ কৰে তিনিচুকীয়া বঙালী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ে ।