তিনিচুকীয়া, 2 নৱেম্বৰ :বিতৰ্কৰ আৱৰ্তত তিনিচুকীয়া জিলাৰ ২০ নং বৰহাপজান গাঁও পঞ্চায়ত ৷ এই বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈছে গাঁও পঞ্চায়তৰ সভানেত্ৰী পিংকী মৰাণ ৷ উল্লেখযোগ্য যে, যোৱা ইংৰাজী ২৫ মে' তাৰিখে পিংকী মৰাণৰ বিৰুদ্ধে পঞ্চায়তটোৰ উপ-সভাপতি বুলবুল বৰা আৰু পঞ্চায়তৰ ৱাৰ্ড সদস্যই দুৰ্নীতি তথা অনিয়মৰ সন্দৰ্ভত অনাস্থা প্ৰস্তাৱ আনিছিল ।
সেই সন্দৰ্ভত ন্যায়ালয়ে বিষয়টো তদন্ত কৰি পিংকী মৰাণৰ পক্ষত ৰায় প্ৰদান কৰি পিংকী মৰাণৰ সভানেত্ৰী আসনখন বাহাল ৰাখিছিল । মন কৰিব লগীয়া বিষয় যে যোৱা ইংৰাজী ২০ অক্টোবৰ তাৰিখে পুনৰ ২০ নং বৰহাপজান গাঁও পঞ্চায়তৰ উপ-সভাপতি বুলবুল বৰাই ডিগবৈ আৰক্ষী থানাত পিংকী মৰাণৰ বিৰুদ্ধে দুৰ্নীতি-অনিয়মৰ অভিযোগ উত্থাপন কৰি এখন এজাহাৰ দাখিল কৰে ।