অসম

assam

ETV Bharat / state

ডিগবৈত ঠিকা শ্ৰমিকৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ - Digboi news

ইণ্ডিয়ান অইল দিৱসৰ দিনা ডিগবৈত ঠিকা শ্ৰমিকৰ উত্তাল প্ৰতিবাদ । ডিগবৈ শোধনাগাৰে অনুষ্ঠিত কৰা ইণ্ডিয়ান অইল দিৱস অনুষ্ঠানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

ডিগবৈত ঠিকা শ্ৰমিকৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

By

Published : Sep 1, 2019, 9:40 PM IST

ডিগবৈ, 1 ছেপ্তেম্বৰঃ দেওবাৰে ইণ্ডিয়ান অইল দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হোৱা ডিগবৈ গল্ডেন জুবলী কম্প্লেক্সৰ সন্মুখত ঠিকা শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ চুক্তি অনুসৰি ইণ্ডিয়ান অইল কৰ্তৃপক্ষই ঠিকা শ্ৰমিকক সা-সুবিধা প্ৰদান নকৰাত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে শতাধিক ঠিকা শ্ৰমিকে৷ নিয়ম অনুসৰি ঠিকা শ্ৰমিকক মজুৰি প্ৰদান , কামৰ পৰিচয়-পত্ৰ, সুৰক্ষা সামগ্ৰীৰ লগতে নিয়মিতভাৱে মজুৰি প্ৰদান কৰাৰ লগতে দ্বিপাক্ষিক চুক্তিৰ দফাসমূহ কাৰ্যকৰী কৰিবলৈ দাবী জনাই আহিছে ৷ কিন্তু আই অ চি কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ তাৰেই পৰিণতিত দেওবাৰে পালন কৰা অইল দিৱস কাৰ্যসূচীতে প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে ৷

ডিগবৈত ঠিকা শ্ৰমিকৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

ABOUT THE AUTHOR

...view details