অসম

assam

ETV Bharat / state

Congress workers join BJP : ভাৰত জোড়ো যাত্ৰাৰ সামৰণিৰ পূৰ্বে বিজেপিত যোগদান কৰিলে কংগ্ৰেছ কৰ্মীয়ে - Congress workers join BJP in Doom Dooma

ৰাজ্যত ভাৰত জোড়ো যাত্ৰাৰ সামৰণিৰ এদিন পূৰ্বে ডেৰ শতাধিক ৰাইজে যোগদান কৰিলে বিজেপিত ৷ তিনিচুকীয়া জিলাৰ ডুমডুমাত বুধবাৰে বিধানসভা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাৰ উপস্থিতিত কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিলে বিজেপিত(Congress workers join BJP in Doom Dooma) ৷

Congress workers join BJP
ভাৰত জোড়ো যাত্ৰাৰ সামৰণিৰ পূৰ্বে বিজেপিত যোগদান কৰিলে কংগ্ৰেছ কৰ্মীয়ে

By

Published : Dec 14, 2022, 10:23 PM IST

Updated : Dec 14, 2022, 10:47 PM IST

ভাৰত জোড়ো যাত্ৰাৰ সামৰণিৰ পূৰ্বে বিজেপিত যোগদান কৰিলে কংগ্ৰেছ কৰ্মীয়ে

তিনিচুকীয়া,14 ডিচেম্বৰ : সমগ্ৰ দেশতে ভাৰত জোড়ো যাত্ৰাই 16 ডিচেম্বৰৰ দিনা সম্পন্ন কৰিব সফলতাৰ 100 দিন(Bharat jodo yatra 100 days) ৷ সমগ্ৰ দেশৰ লগতে অসমতো 1 নৱেম্বৰৰ পৰা আৰম্ভ হৈছিল কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ (Bharat jodo yatra in Assam) ৷ ধুবুৰীৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাৰ কালিলৈ শদিয়াত সামৰণি পৰিব ৷

ৰাজ্যখনত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই বিপুল সমৰ্থন লাভ কৰিলেও দলটোৰ বিশেষ সাংগঠনিক ভেঁটি থকা তথা অধিকতম সময় কংগ্ৰেছৰ দখলত থকা তিনিচুকীয়া জিলাৰ ডুমডুমাত বুধবাৰে বিজেপিত যোগদান কৰে ডেৰ শতাধিক কংগ্ৰেছ কৰ্মীয়ে ৷ ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাৰ উপস্থিতিত বুধবাৰে ডুমডুমা মাৰোৱাৰী পঞ্চায়তী ভৱনত ভাৰতীয় জনতা পাৰ্টিৰ এক বিশেষ সাংগঠনিক সভা অনুষ্ঠিত কৰা হয় (Doom dooma mla Rupesh Gowala)।

ডুমডুমা টাউন মণ্ডল সমিতি, হাপজান মণ্ডল সমিতি আৰু কাকপথাৰ ব্লক মণ্ডল সমিতিৰ উদ্যোগত আয়োজন কৰা এই বিশেষ সাংগঠনিক সভাত প্ৰায় ডেৰ শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে (Congress workers join BJP) । উল্লেখযোগ্য যে, কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ কাইলৈ শদিয়াত সামৰণি পৰিব । কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ সামৰণিৰ আগদিনা ডুমডুমাত ডেৰ শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰা বিষয়টোৱে এতিয়া ৰাজনৈতিক তথা সচেতন মহলত ব্যাপক চৰ্চা লাভ কৰিছে ।

ইফালে, ডুমডুমাত কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰা কৰিবলৈ ভয় কৰিছে বুলি ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাই তাৎপৰ্যপূৰ্ণ মন্তব্য আজিৰ সভাত আগবঢ়ায় । লগতে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ কোনো অৰ্থ নাই, এয়া এক অৰ্থহীন যাত্ৰা বুলিও বিধায়ক ৰূপেশ গোৱালাই কটাক্ষ কৰে দলটোক (Congress workers join BJP in Doom Dooma)।

উল্লেখ্য যে, ডেৰ মাহৰো অধিক দিন ধৰি ৰাজ্যত চলা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰালৈ সৰ্বসাধাৰণে বিপুল সমৰ্থন আগবঢ়োৱা বুলি দলটোৱে দাবী কৰি আহিছিল ৷ স্বতঃস্ফূৰ্তভাৱে ৰাইজে দলে-বলে এই যাত্ৰাত অংশগ্ৰহণ কৰা বুলি সংবাদ মাধ্যমৰ আগত সভাপতি ভূপেন বৰাকে আদি কৰি কংগ্ৰেছ নেতাসকলে বাৰম্বাৰ কৈ আহিছে ৷ বৃহস্পতিবাৰ অৰ্থাৎ 15 ডিচেম্বৰত শদিয়াত সামৰণি পৰিব ভাৰত জোড়ো যাত্ৰাৰ অসমৰ কাৰ্যসূচীৰ ৷ কিন্তু তাৰ পূৰ্বে ভূপেন বৰাকে ধৰি কংগ্ৰেছ নেতৃত্বক আচৰিত কৰি ডুমডুমাত একেদিনাই ডেৰ শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগ দিলে বিজেপিত ।

সকলোকে একগোট কৰাৰ মানসেৰে কংগ্ৰেছে আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাৰ পৰা এইদৰে কংগ্ৰেছ কৰ্মী আঁতৰি যোৱাৰ ঘটনাই দলটোৰ সাংগঠনিক দুৰ্বলতাক স্পষ্ট কৰি তুলিছে ৷ ভূপেন বৰাই সদম্ভেৰে কৈ থকা তেওঁৰ সৈতে খোজ দিয়া মানুহবোৰ আচলতে কোন ? সঁচাকৈয়ে কংগ্ৰেছৰ প্ৰতি তিলমানো সহানুভূতি আছেনে এইসকল লোকৰ, নে ভূপেন বৰাৰ চকুৰ আগত এখন অস্পষ্ট ছবি প্ৰতিফলিত কৰি ৰখাৰ বাবে এয়া কাৰোবাৰ ৰাজনৈতিক ষড়ষন্ত্ৰ !

লগতে পঢ়ক :Domestic violence allegation: কংগ্ৰেছৰ বিধায়ক বিক্ৰমাদিত্য সিঙৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসাৰ গোচৰ ৰুজু

Last Updated : Dec 14, 2022, 10:47 PM IST

ABOUT THE AUTHOR

...view details