শদিয়া,10অক্টোবৰঃ কৃষক আইনৰ বিৰুদ্ধে সৰৱ অসম প্ৰদেশ কংগ্ৰেছ ৷ শনিবাৰে কাকপথাৰত কৃষক আইনৰ বিৰোধিতাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বান মৰ্মে ছৈখোৱা ব্লক কংগ্ৰেছৰ সহযোগত কাকপথাৰ মণ্ডল কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কাকপথাৰ অসমীয়া দূৰ্গা পূজা মন্দিৰৰ সমীপত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত দলটোৰ প্ৰায় শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷
কৃষক আইনৰ বিৰোধিতাৰে কাকপথাৰত কংগ্ৰেছৰ প্ৰতিবাদ
কৃষক আইনৰ বিৰোধিতাৰে কাকপথাৰত ছৈখোৱা ব্লক কংগ্ৰেছৰ সহযোগত কাকপথাৰ মণ্ডল কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত দলটোৰ প্ৰায় শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷
কৃষক আইনৰ বিৰোধিতাৰে কাকপথাৰত কংগ্ৰেছৰ প্ৰতিবাদ
ইপিনে এই প্ৰতিবাদী কাৰ্যসূচীত বিজেপি দলৰ প্ৰতি মোহভংগ হৈ কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি বুথ কমিটিৰ সভাপতি,সম্পাদক সহ কেইবাগৰাকীও কৰ্মীয়ে আনুষ্ঠানিক ভাৱে কংগ্ৰেছ দলত যোগদান কৰে ৷
লগতে পঢ়কঃগোলাঘাটত হাতী-মানুহৰ সংঘাত