তিনিচুকীয়া, 31 মাৰ্চ:কংগ্ৰেছৰ জয় ভাৰত সত্যাগ্ৰহৰ লগত সংগতি ৰাখি ৰাজ্যজুৰি প্ৰতিখন জিলাৰ ৰাজীৱ ভৱনত আয়োজন কৰা হৈছে সংবাদমেল ৷ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা, আদানীৰ বিত্তীয় কেলেংকাৰী আদিৰ প্ৰসংগৰে সংবাদমেল সম্বোধন কৰিছে কংগ্ৰেছে (Adani stock scam) ৷
তিনিচুকীয়াতো সংবাদমেল সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল কংগ্ৰেছৰ নেতৃত্ব ৷ সংবাদমেলত আদানীৰ কোম্পানীত বিনিয়োগ হোৱা 20 হাজাৰ কোটি কাৰ ধন ? কোনে বিনিয়োগ কৰিলে এই বৃহৎ অংকৰ ধন ? প্ৰধানমন্ত্ৰীৰ সৈতে আদানীৰ সম্পৰ্ক কি ইত্যাদি প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছে (Congress press meet over Adani issue) ৷
কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এটা পোনপটীয়া আৰু সহজ প্ৰশ্নৰ পৰা ফালৰি কাটি কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সুৰক্ষা দিবলৈকে এখন নাটক ৰচনা কৰা হ’ল বুলিও অভিযোগ উত্থাপন কৰে কংগ্ৰেছে । সংবাদমেলত কংগ্ৰেছে অভিযোগ উত্থাপন কৰি কয়, ‘‘সম্পূর্ণ তথ্য সহকাৰে ৰাহুল গান্ধীয়ে সংসদৰ মজিয়াত আদানীৰ প্ৰশ্ন উত্থাপন কৰি চৰকাৰৰ পৰা উত্তৰ বিচাৰিছিল ৷ তাতেই ভয়ত কম্পমান হৈ উঠিল দেশৰ প্ৰধানমন্ত্ৰী ৷ থৰকাচুতি হেৰুৱালে বিজেপি চৰকাৰে ৷ দেশৰ সাধাৰণ জনতাৰ হৈ মাত মাতি অহা ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপি চৰকাৰে আৰম্ভ কৰিলে নির্লজ্জ ৰাজনীতি, নিকৃষ্ট ষড়যন্ত্ৰ (Rahul Gandhi disqualified from parliament) ৷’’