তিনিচুকীয়া, 2 জুনঃ ২৭ মে'ৰ পৰা তিনিচুকীয়া জিলাৰ বাঘজানৰ অইল ইণ্ডিয়াৰ "BGR-5" নম্বৰ তৈলখাদৰ সংঘটিত হোৱা বিস্ফোৰণৰ ফলত অহৰহ তেল সংমিশ্ৰিত গেছ নিৰ্গত কাৰ্য আজি সপ্তম দিনলৈকে বন্ধ কৰিবলৈ সক্ষম হোৱা নাই অইল ইণ্ডিয়া কৰ্তৃপক্ষ । বিস্ফোৰিত তৈলখাদৰ ফলত ক্ষতিগ্ৰস্ত হৈ আশ্ৰয় শিবিৰত থকা লোকসকলৰ কাষত মঙলবাৰে কংগ্ৰেছৰ এটা সঁজাতি দল উপস্থিত হৈ ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ খবৰ লয় ।
বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনৰ লগতে প্ৰাক্তন মন্ত্ৰী প্ৰনতি ফুকন,বিধায়ক দুৰ্গা ভূমিজ,প্ৰাক্তন বিধায়ক সুশান্ত বুঢ়াগোঁহাইৰ লগতে কংগ্ৰেছ দলৰ কেইবাজনো নেতা-কৰ্মী উপস্থিত থাকে আৰু আশ্ৰয় শিবিৰত দিন অতিবাহিত কৰা লোকসকলৰ খবৰ লোৱাৰ লগতে মাস্ক আৰু কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে ।