অসম

assam

By

Published : Mar 31, 2021, 5:29 PM IST

ETV Bharat / state

ডুমডুমাৰ পথ দুৰ্ঘটনাত নিহত এগৰাকী কংগ্ৰেছ নেতা

বুধবাৰে ডুমডুমাৰ টিপুক চাহ বাগিচাত সংঘটিত হোৱা পথ দুৰ্ঘটনাত থিতাতে নিহত হয় কাকপথাৰ ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি লক্ষী সোণোৱাল ৷ কংগ্ৰেছ নেতাগৰাকীৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ ডুমডুমাত ৷

congress leader lakhi sonowal died
কংগ্ৰেছ নেতাৰ মৃত্যু

ডুমডুমা, 31 মাৰ্চ : ডুমডুমাৰ সমীপৰ টিপুক চাহ বাগিচাত বুধবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাত নিহত হয় কাকপথাৰ ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি লক্ষী সোণোৱাল ৷

কংগ্ৰেছ নেতাৰ মৃত্যু

টিপুক চাহ বাগিচাৰ ট্ৰেক্টৰৰ খুন্দাত স্কুটীৰে গৈ থকা অৱস্থাতে থিতাতেই মৃত্যু হয় কংগ্ৰেছ নেতাগৰাকীৰ । দুৰ্ঘটনাগ্ৰস্ত লক্ষী সোণোৱালক প্ৰথম অৱস্থাত ডুমডুমা হাস্পতাললৈ নিয়া হয় যদিও দুৰ্ঘটনাস্থলীতেই মৃত্যু হয় সোণোৱালৰ । পৰৱৰ্তী সময়ত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হয় ।

কংগ্ৰেছ নেতাগৰাকীৰ অকাল মৃত্যুত সমগ্ৰ ডুমডুমাতেই পৰিছে শোকৰ ছাঁ ৷

লগতে পঢ়ক :শ্ৰীৰামপুৰত চিআৰপিএফৰ জোৱানৰ ৰহস্যজনক আত্মহত্যা

ABOUT THE AUTHOR

...view details