তিনিচুকীয়া, ২৬ এপ্ৰিল: মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই ধর্ষণ, বাল্যবিবাহ, মাদক দ্রব্য আদি বিষয়ত কঠোৰ নীতিৰে নিৰ্মূল কৰিবলৈ আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিছে । কিন্তু তাৰ পাচতো দৈনিক এই সামাজিক কু-কৰ্মবোৰ ৰোধ কৰিবলৈ আৰক্ষী প্ৰশাসনে বিফল হৈছে ।
শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানাৰ অন্তৰ্গত এগৰাকী ১৩ বছৰীয়া কিশোৰীক ২০ মাৰ্চত ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে । পৰৱৰ্তী সময়ত পৰিয়ালবৰ্গই যোৱা ২১ মাৰ্চত বৰডুবি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আজি পৰ্যন্ত অভিযুক্ত সমুন্দ্ৰে ৰায়ক গ্ৰেপ্তাৰ নকৰাত সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠনৰ লগতে সচেতন ৰাইজ ৷ মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশমৰ্মে এটা সজাতি দলে ভুক্তভোগীৰ বাসগৃহত উপস্থিত হৈ পৰিস্থিতি বুজ লয় । লগতে এই দলটোৱে জিলা উপায়ুক্তক সাক্ষাৎ কৰি অতিসোনকালে দোষীক কৰায়ত্ব কৰাৰ দাবী জনায় (Congress demand for arrest rape accused) ৷
তাৰ পাচতে কংগ্ৰেছ ভৱনত এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত কংগ্ৰেছ নেতাসকলে ধৰ্ষণত অভিযুক্ত সমুন্দ্ৰে ৰায়ক গ্ৰেপ্তাৰ কৰি ফাঁচী দিয়াৰ দাবী জনায় (Rape case in Tinsukia)। লগতে উক্ত ঘটনাৰ এমাহ উকলি যোৱাৰ পাচতো ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰাত তিনিচুকীয়া আৰক্ষী ব্যৰ্থ হোৱাত কংগ্ৰেছৰ নেতাসকলে ক্ষোভ প্ৰকাশ কৰি এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভুক্তভোগী আৰু ভুক্তভোগী পৰিয়ালটোক ন্যায় প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে ।