তিনিচুকীয়া, 29 ডিচেম্বৰ : অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশ মৰ্মে মঙলবাৰে তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত তিনিচুকীয়া জিলা কংগ্ৰেছ ভৱনৰ পৰা তিনিচুকীয়া জিলাৰ উপায়ুক্ত কাৰ্যালয় অভিমুখে অত্যাৱশ্যকীয় সামগ্ৰী পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছ, কেৰাচিন, বিভিন্ন খাদ্যবস্তু, বিদ্যুৎ আদিৰ মূল্য হ্ৰাস কৰাৰ দাবীৰে বৃহৎ চাইকেল ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰে ।
মূল্যবৃদ্ধি ৰোধৰ দাবীৰে তিনিচুকীয়াত জিলা কংগ্ৰেছৰ প্ৰতিবাদ - জিলা উপায়ুক্ত
তিনিচুকীয়াত জিলা কংগ্ৰেছৰ প্ৰতিবাদ ৷ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীৰে শাসনাধীন চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে ৷
প্ৰতিবাদী কাৰ্যসূচীটোত তিনিচুকীয়া জিলা কংগ্ৰেছ সমিতিৰ সভাপতি জয়ন্ত কলিতা, চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজু চাহু, দিলীপ মৰাণ, বিৰিঞ্চি নেওগকে ধৰি তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটীৰ কেইবা শতাধিক সদস্য উপস্থিত থাকে । প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে শাসনাধীন চৰকাৰখনক তীব্ৰ সমালোচনা কৰি কয় যে, যেতিয়ালৈকে মূল্য বৃদ্ধি হ্ৰাস নহয় তেতিয়ালৈকে তেওঁলোকে সমগ্ৰ অসমত প্ৰতিবাদ অব্যাহত ৰাখিব । উল্লেখ্য যে, প্ৰতিবাদৰ অন্তত তিনিচুকীয়া জিলা উপায়ুক্তক স্মাৰক পত্ৰও প্ৰদান কৰে তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটীয়ে ।
লগতে পঢ়ক :শোণিতপুৰত কোভিড ১৯ প্ৰতিষেধকৰ অনুশীলন সমাপ্ত