তিনিচুকীয়া, ১৩ ডিচেম্বৰ :ৰাহুল গান্ধীৰ নেতৃত্বত দেশত অব্যাহত আছে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা (Congress Bharat Jodo Yatra)। সমান্তৰালকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়েও ১ নৱেম্বৰৰ পৰা অব্যাহত ৰাখিছে ভাৰত জোড়ো যাত্ৰা । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত ধুবুৰীৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাৰ দল ইতিমধ্যে তিনিচুকীয়াত উপস্থিত হৈছে (APCC Bharat Jodo Yatra)।
মঙলবাৰে এই যাত্ৰাই ৪৩ দিনত ভৰি দিলে । তিনিচুকীয়াৰ দহোতীয়াচুক বিহুতলীত আয়োজিত এখন সভাৰ পৰাই চহৰখনত আৰম্ভ কৰা হয় ভাৰত জোড়ো যাত্ৰা । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বৰ লগতে সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে এই যাত্ৰাত । দলটোৱে গোপীনাথ বৰদলৈ পথেৰে চিৰাপট্টী হৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে শিৱধাম মন্দিৰৰ সমীপলৈ প্ৰায় ৬ কিলোমিটাৰ পথ যাত্ৰা কৰে ৷
উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই শাসকীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে (Bhupen Bora slams state govt)। চৰকাৰ লগতে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলকো তীব্ৰ সমালোচনা কৰে নেতাগৰাকীয়ে । বদৰুদ্দিন আজমল আৰু অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যখনত মহিলাক অপমান কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷