জাগুন, 30 এপ্ৰিলঃ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ লেখাপানী আৰু জাগুন আঞ্চলিক বন বিভাগৰ অন্তৰ্গত, কথা সংৰক্ষিত বনাঞ্চলৰ পৰা পুৱা ওলাই অহা এটা বনৰীয়া মখনা হাতীয়ে তাণ্ডৱ চলায় 3 নং উদয়পুৰৰ কুঁহিয়াৰ বাৰী অঞ্চলত । বনৰীয়া হাতীটোৱে কুঁহিয়াৰ বাৰী অঞ্চলৰ আৰ্থিকভাৱে দুৰ্বল বিধৱা বৃদ্ধা এগৰাকীৰ বাসগৃহৰ লগতে, বিভিন্ন ঘৰুৱা আচবাব ভাঙি লণ্ড ভণ্ড কৰে । হতীটোৰ আক্ৰমণৰ পৰা কথমপিহে প্ৰাণ ৰক্ষা পৰিল ধনকুমাৰী তামাং (৭০)নামৰ বৃদ্ধাগৰাকীৰ ।
বন্যহস্তীৰ তাণ্ডৱত গৃহহীন ৭০ বছৰীয়া বৃদ্ধা - বন্যহস্তীৰ তাণ্ডৱ
লেখাপানী আৰু জাগুন আঞ্চলিক বন বিভাগৰ অন্তৰ্গত, কথা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে তাণ্ডৱৰ সৃষ্টি কৰে 3 নং উদয়পুৰৰ কুঁহিয়াৰ বাৰীৰ এগৰাকী ৭০ বৰ্ষীয় বৃদ্ধাৰ বাসগৃহত ।
![বন্যহস্তীৰ তাণ্ডৱত গৃহহীন ৭০ বছৰীয়া বৃদ্ধা conflict between man and elephant in jagun margherita](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6998065-458-6998065-1588223238961.jpg)
conflict between man and elephant in jagun margherita
জাগুনত বন্যহস্তীৰ তাণ্ডৱঃ লণ্ড ভণ্ড ৭০ বৰ্ষীয় এগৰাকী বৃদ্ধাৰ বাসগৃহ
উল্লেখ্য যে, বিগত কেইবাদিনৰ পৰা এইকথা সংৰক্ষিত বনাঞ্চলৰ পৰা বিভিন্ন সময়ত বনৰীয়া হাতীয়ে জনাঞ্চললৈ ওলাই আহি তাণ্ডৱ সৃষ্টি কৰি আহিছে । যাৰ বাবে শংকিত হৈ পৰিছে অঞ্চলটোৰ জনসাধাৰণ । জানিব পৰা মতে, কিছুদিন পূৰ্বে বন্যহস্তীৰ আক্ৰমণত এই অঞ্চলটোৰ এজন ব্যক্তি থিতাতে নিহত হৈছিল ।
লগতে পঢ়কঃমাজুলীত আৱদ্ধ যাত্ৰীক উদ্ধাৰকাৰ্যত ব্ৰতী IWT জাহাজ