তিনিচুকীয়া,২০ জানুৱাৰী :তিনিচুকীয়া জিলাৰ মাকুমত হুলস্থূলীয়া পৰিৱেশ (Tense situation in Makum)। প্ৰাক্তন আলফা নেতা আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড হতাহতি । অবৈধ কয়লাৰ বাহন অৱৰোধ কৰিবলৈ আহি আৰক্ষীৰে তৰ্ক-যুদ্ধত লিপ্ত হ'ল প্ৰাক্তন আলফা নেতা আৰু স্থানীয় যুৱক । অৱশেষত যুৱককেইজনক আটক কৰে মাকুম আৰক্ষীয়ে । ঘটনাক লৈ তীব্ৰ উত্তেজনা অঞ্চলটোত ।
উল্লেখ্য যে ৰাজ্যত কয়লা চিণ্ডিকেট কোনো নতুন কথা নহয় (Coal syndicate in Assam)। বছৰ বছৰ ধৰি ৰাজ্যত অব্যাহত আছে এই কয়লাৰ অবৈধ ব্যৱসায় । যাক লৈ বিভিন্ন সময়ত ৰাজ্যৰ ৰাজনীতিটো খলকনিৰ সৃষ্টি হোৱা দেখা গৈছে । তিনিচুকীয়া জিলাৰ অসম-অৰুণাচলৰ সীমান্তৰ মাৰ্ঘেৰিটাৰ বিভিন্ন প্ৰান্তত কয়লাৰ চোৰাং বেহা দীৰ্ঘদিন ধৰি অব্যাহত আছে (Illegal supply of coal in Tinsukia)। আৰক্ষী, বন বিভাগ, পৰিবহণ বিভাগৰ সন্মুখেৰে নিতৌ বহিঃৰাজ্যলৈ শ শ ট্ৰাকেৰে কয়লা অবৈধ সৰবৰাহ চলি আছে । এই অভিযোগ বিভিন্ন দল-সংগঠনৰ ।
কিন্তু প্ৰশাসনে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাজপথলৈ ওলাই আহিল প্ৰাক্তন আলফা সদস্য আৰু একাংশ স্থানীয় যুৱক । বৃহস্পতিবাৰে নিশা তিনিচুকীয়া জিলাৰ মাকুম আৰক্ষী থানাৰ অন্তৰ্গত মাকুম বাইপাছত তেওঁলোকে জব্দ কৰে শতাধিক কয়লা ভৰ্তি ট্ৰাক (Ex ULFA leader blocks coal loaded truck)৷ কয়লাৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰে যুৱকসকলে । তেওঁলোকৰ অভিযোগ ট্ৰাকসমূহেৰে অবৈধভাৱে কয়লা সৰবৰাহ কৰা হৈছে ।