তিনিচুকীয়া, 30 মে': লক ডাউনৰ মাজতে দিহিং পাটকাই অভয়াৰণ্যত কয়লাৰ মুক্ত খননৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমতি প্ৰদান কৰাক লৈ ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ বিভিন্ন দল সংগঠন, ছাত্ৰ সমাজৰ লগতে বহু বিজ্ঞলোকে ইয়াৰ বিৰোধিতা কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ কিন্তু দিহিং পাটকাইত কয়লাৰ মুক্ত খননৰ অনুমতি এই প্ৰচাৰ কিমানদূৰ সত্য ? ইয়াৰ ক্ষেত্ৰভিত্তিক অনুসন্ধানৰ বাবে শুক্ৰবাৰে মাৰ্ঘেৰিটাত আহি উপস্থিত হয় তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ এটি প্ৰতিনিধি দল ৷ প্ৰথমে উত্তৰ পূব কয়লা ক্ষেত্ৰৰ মহাপ্ৰৱন্ধকৰ কাৰ্যালয়ত উপস্থিত হয় প্ৰতিনিধি দলটো ৷ ইয়াৰ পিছতে প্ৰতিষ্ঠানটোৰ সভাকক্ষত তথ্যচিত্ৰৰ জড়িয়তে সাংবাদিকৰ দলটোক প্ৰতিষ্ঠানটোৰ সংক্ষিপ্ত ইতিহাস, ৰাজ্যৰ অৰ্থনীতিলৈ অৱদান, ইয়াৰ ওপৰত কিদৰে ৰাজ্যৰ বিদ্যুত খণ্ড, চিমেন্টকে ধৰি বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান নিৰ্ভৰশীল সেই বিষয়ে অৱগত কৰে মহাপ্ৰৱন্ধক যুগল কুমাৰ বৰাই ৷
লগতে তথ্য চিত্ৰত গুগল মেপৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে প্ৰদৰ্শন কৰিলে দিহিং পাটকাই বৰ্ষাৰণ্যৰ পৰা কিমান দুৰত্বত হ'ব এই কয়লাখনন স্থলী । লগতে কিদৰে হস্তী কৰিডৰত কয়লা খনন কৰা হ'ব বুলি অপপ্ৰচাৰ চলিছে তাকো বুজোৱাৰ চেষ্টা কৰিলে উত্তৰ পূব কয়লা ক্ষেত্ৰৰ মহাপ্ৰৱন্ধক যুগল কুমাৰ বৰাই । লগতে সাংবাদিকৰ দলটোৰ সৈতে হোৱা এই বাৰ্তাত মহাপ্ৰৱন্ধক যুগল কুমাৰ বৰা আৰু উৎপাদন পৰিচালক এচ পি দত্তই বাখ্যা কৰে কিদৰে বন্ধ হোৱাৰ দিশে গতি কৰিছে কয়ল ইণ্ডিয়া নামৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটো ।