তিনিচুকীয়া,9 মার্চ:সোমবাৰে তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি লক্ষেশ্বৰ মৰাণৰ ৰূপাইস্থিত বাহগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । জিলা সভাপতি লক্ষেশ্বৰ মৰানৰ পুত্ৰৰ মৃত্যুৰ খবৰ পাই পৰিয়ালক সমবেদনা জনাবলৈ মুখ্যমন্ত্ৰীগৰাকী লক্ষেশ্বৰ মৰাণৰ ঘৰত উপস্থিত হয় ।
তিনিচুকীয়া জিলা বিজেপিৰ বাসগৃহত মুখ্যমন্ত্ৰী সোণোৱাল - CM sonowal at tinsukia rupaui
বিজেপি জিলা সভাপতি লক্ষেশ্বৰ মৰাণৰ গৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ পথ দুৰ্ঘটনাত মৃত্যু হোৱা শশাংক জ্যোতি মৰাণৰ পৰিয়ালক সমবেদনাৰ বাবে উপস্থিত হয় তিনিচুকীয়াত ৷ মৃতকৰ বাসগৃহত উপস্থিত হৈ সোণোৱালে পথ দুৰ্ঘটনাটোৰ সবিশেষ তদন্তৰ নিৰ্দেশ দিয়ে উজনি অসম আৰক্ষী মহাপৰিদর্শক জিৎমল দলেক ।
উল্লেখযোগ্য যে, বিগত 19 ফেব্ৰুৱাৰীত ডুমডুমাৰ সমীপৰ বাদলবেটাত এক পথ দুৰ্ঘটনাত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত লক্ষেশ্বৰ মৰাণৰ পুত্ৰ শশাংক জ্যোতি মৰাণ আৰু ৰাজীব ডাঙৰীয়া নামৰ এগৰাকী দেহৰক্ষী আহত হৈ চিকিৎসাধীন আছিল । চিকিৎসাধীন অৱস্থাত দেহৰক্ষী ৰাজীৱ ডাঙৰীয়াৰ ডিব্ৰুগড়ত মৃত্যু হয় । ইপিনে উন্নত চিকিৎসাৰ বাবে দিল্লী এইমছত শশাংক জ্যোতি মৰানক ভৰ্তি কৰোৱা হয় যদিও 1 মার্চত মৃত্যুক আঁকোৱালি লয় । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৃতকৰ পৰিয়ালক সমবেদনা জনাই সমগ্ৰ পথ দুৰ্ঘটনাটোৰ এক তদন্তৰ নিৰ্দেশ দিয়ে । উজনি অসম আৰক্ষী মহাপৰিদর্শক জিৎমল দলেক সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব প্ৰদান কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷
আৰু পঢ়কঃ ওৱান মেন পলিটিকছৰে চৰকাৰ চলাইছে হাগ্ৰামাইঃ আফজাল হক সৰকাৰ