গুৱাহাটী, 10 জুনঃমঙলবাৰে বাঘজানৰ গেছ নিৰ্গমণস্থলীত সংঘটিত অগ্নিকাণ্ড সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ভুক্তভোগী ৰাইজক যিকোনো প্ৰকাৰৰ সহায় সহযোগিতাৰ বাবে সোণোৱালে আশ্বাস দিয়াৰ লগতে সকলোকে আতংকিত নহৈ পৰিস্থিতিৰ সৈতে মুকাবিলা কৰিবৰ বাবে আহ্বান জনায় ৷ ইতিমধ্যে ঘটনাস্থলীত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় ৷
বাঘজানৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ মুখ্যমন্ত্ৰী সোণোৱালৰ - baghjan gas blast incident
বাঘজানৰ ভুক্তভোগী ৰাইজক যিকোনো প্ৰকাৰৰ সহায় সহযোগিতাৰ বাবে মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আশ্বাস দিয়াৰ লগতে সকলোকে আতংকিত নহৈ পৰিস্থিতিৰ সৈতে মুকাবিলা কৰিবৰ বাবে আহ্বান জনায় ৷ লগতে বাঘজানৰ গেছ নিৰ্গমণস্থলীত সংঘটিত অগ্নিকাণ্ড সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰে মুখ্যমন্ত্ৰী গৰাকীয়ে বাৰ্তালাপ কৰা বুলিও জানিবলৈ দিয়ে ৷
উল্লেখ্য যে, মুখ্যমন্ত্ৰী গৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী, গৃহ মন্ত্ৰীৰেও বাৰ্তালাপ কৰা বুলি জানিবলৈ দিয়ে ৷ ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰীয়ে পৰিস্থিতিৰ মুকাবিলা কৰিবলৈ বায়ু সেনা আৰু এন ডি আৰ এফ বাহিনীক সষ্টম কৰি ৰাখিছে ৷ আনহাতে বাঘজানৰ ঘটনাস্থলীত দুগৰাকী অগ্নিনিৰ্বাপক বাহিনীৰ লোকৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰি ভুক্তভোগী পৰিয়ালবৰ্গক সহায়ৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
লগতে পঢ়কঃকৃত্ৰিম বৰষুণ সৃষ্টি কৰি হ'লেও বাঘজানৰ ৰাইজক ৰক্ষা কৰকঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য