অসম

assam

ETV Bharat / state

মহাজোঁট বন্ধনে বিজেপিৰ কোনোধৰণৰ ক্ষতি নকৰে: সৰ্বানন্দ সোণোৱাল

মঙলবাৰে তিনিচুকীয়াত ভাৰতীয় জনতা পাৰ্টীৰ বিধানসভা সমষ্টি কেন্দ্ৰিক পৃষ্ঠা প্ৰমুখ সন্মিলন অনুষ্ঠিত হয় ৷ এই সন্মিলনত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ তিনিচুকীয়া জিলাৰ বিমলা প্ৰসাদ চলিহা নগৰ খেলপথাৰত অনুষ্ঠিত এই পৃষ্ঠা প্ৰমুখ সন্মিলনতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উপস্থিত হৈ 7 টাকৈ পথৰ আধাৰশিলা উদ্বোধন কৰে ৷ তদুপৰি সংবাদ মাধ্যমৰ আগত 2021ৰ বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁট দলে পুনৰ শাসনৰ গাদীত বহাৰ দাবী কৰি কংগ্ৰেছৰ নাটক পুৰণি হ'ল বুলি কৈ মহাজোঁট বন্ধনে বিজেপিৰ একো ক্ষতি কৰিব নোৱাৰে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

CM  SARBANANDA SONOWAL AT TINSUKIA
মহাজোঁটবন্ধনে বিজেপিৰ কোনোধৰণৰ ক্ষতি নকৰেঃসৰ্বানন্দ সোণোৱাল

By

Published : Feb 9, 2021, 11:01 PM IST

Updated : Feb 10, 2021, 9:23 AM IST

তিনিচুকীয়া,9 ফেব্ৰুৱাৰী:মঙলবাৰে তিনিচুকীয়াত ভাৰতীয় জনতা পাৰ্টীৰ বিধানসভা সমষ্টি কেন্দ্ৰিক পৃষ্ঠা প্ৰমুখ সন্মিলন অনুষ্ঠিত হয় ৷ এই সন্মিলনত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ তিনিচুকীয়া জিলাৰ বিমলা প্ৰসাদ চলিহা নগৰ খেলপথাৰত অনুষ্ঠিত এই পৃষ্ঠা প্ৰমুখ সন্মিলনতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উপস্থিত হৈ 7 টাকৈ পথৰ আধাৰশিলা উদ্বোধন কৰে ৷ তদুপৰি সন্মিলনত কেন্দ্ৰীয় পৃষ্ঠা প্ৰমুখসকলক নিযুক্তি প্ৰদান কৰা হয় ৷

ইপিনে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে ৷ বিগত 15 টা বছৰে কংগ্ৰেছে অসমৰ বাবে একো কাম নকৰিলে বুলি মুখ্যমন্ত্ৰী সোণোৱালে মন্তব্য কৰি বিজেপি মিত্ৰজোঁটে 5 বছৰতে ৰাজ্যৰ উন্নয়নৰ বাবে যথেষ্ট কাম কৰা বুলি মন্তব্য কৰে ৷ তদুপৰি 2021ৰ বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁট দলে পুনৰ শাসনৰ গাদীত বহাৰ দাবী কৰি কংগ্ৰেছৰ নাটক পুৰণি হ'ল বুলি কৈ মহাজোঁট বন্ধনে বিজেপিৰ একো ক্ষতি কৰিব নোৱাৰে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ লগতে কংগ্ৰেছক অসমৰ ৰাইজে প্ৰত্যাখ্যান কৰা বুলিও কটাক্ষ কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷

মহাজোঁট বন্ধনে বিজেপিৰ কোনোধৰণৰ ক্ষতি নকৰে

আনহাতে, এই সন্মিলনত কেন্দ্ৰীয় খাদ্য সংশোধন মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যৰ শ্ৰম মন্ত্ৰী তথা তিনিচুকীয়াৰ স্থানীয় বিধায়ক সঞ্জয় কিষাণ, ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন, ন-বিজেপি অৰুণজ্যোতি মৰাণকে ধৰি বহুকেইগৰাকী মন্ত্ৰী, বিধায়ক উপস্থিত থাকে ৷

লগতে পঢ়কঃতিনিটা দশকৰ পিছতো ৰূপায়িত নহ'ল অসম চুক্তিৰ 6 নং দফা

Last Updated : Feb 10, 2021, 9:23 AM IST

ABOUT THE AUTHOR

...view details