অসম

assam

ETV Bharat / state

কুইপ’ৰ অপহৃত ২ বিষয়াৰ মুক্তিৰ প্ৰসংগত মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে - ৰাম কুমাৰৰ ওপৰত ব্যৱস্থা গ্ৰহণ

তিনিচুকীয়াৰ আইন মহাবিদ্যালয়ৰ পথত অৱস্থিত দাহালবাবাৰ মন্দিৰত উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকী। আলফা (স্বাঃ)ক মানৱীয়তাৰ খাতিৰত দুই বিষয়াক মুক্তি দিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ২১ডিচেম্বৰত আলফা(স্বাঃ) ই অপহৰণ কৰা প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ বৰ্তমানেও সংগঠনটোৰ জিম্মাতে আছে ।

কুইপ’ৰ অপহৃত ২ গৰাকী বিষয়াৰ মুক্তিৰ প্ৰসংগত মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে
কুইপ’ৰ অপহৃত ২ গৰাকী বিষয়াৰ মুক্তিৰ প্ৰসংগত মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে

By

Published : Feb 19, 2021, 10:29 AM IST

Updated : Mar 2, 2021, 2:13 PM IST

তিনিচুকীয়া,19 ফেব্ৰুৱাৰী: কুইপ’ৰ অপহৃত ২ গৰাকী বিষয়াৰ মুক্তিৰ প্ৰসংগত প্ৰশ্ন উত্থাপিত হৈ থকাৰ সময়তে প্ৰথমবাৰৰ বাবে মুখ খুলিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । আলফা (স্বা)ক মানৱীয়তাৰ খাতিৰত দুই বিষয়াক মুক্তি দিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ২১ডিচেম্বৰত আলফা(স্বা) এ অপহৰণ কৰা প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ বৰ্তমানেও সংগঠনটোৰ জিম্মাতে আছে ।

কুইপ’ৰ অপহৃত ২ গৰাকী বিষয়াৰ মুক্তিৰ প্ৰসংগত মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে

তেওঁলোকক মুকলি কৰি অনাৰ বাবে কোনো ব্যৱস্থা চৰকাৰে গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে । ইতিপূৰ্বে মুক্তিপণ নাপালে ৰাম কুমাৰৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ সকীয়নি দিছিল আলফা (স্বা)এ । কিন্তু বৰ্তমান দুয়োগৰাকী পণবন্দীৰ জীৱনলৈকে আহিছে ভাবুকি । কিয়নো ইতিপূৰ্বে আলফা (স্বা)এ বান্ধি দিয়া সময়সীমা ১৬ ফেব্ৰুৱাৰী পাৰ হৈ গৈছে।

এইক্ষেত্ৰত মুখ্যমন্ত্ৰী সোণোৱালে চৰকাৰে নিজৰ দায়িত্ব পালন কৰিছে বুলি সদৰি কৰি কয়, ”আমি আপিল কৰিছো । আমাৰ চৰকাৰৰ দায়িত্বখিনি আমি পালন কৰি আছো । আমাৰ চৰকাৰৰ তৰফৰ পৰা তেখেতলোকক আপিল কৰি থকা হৈছে যে, মানৱীয়তাৰ খাতিৰক গোটেই বিষয়টো বিবেচনা কৰিব লাগে।”

চৰকাৰৰ আহ্বানক আলফা (স্বা)এ ইতিবাচকভাৱে সহাৰি জনাব বুলি আশা প্ৰকাশ কৰা বুলিও সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে । তেখেতে লগতে কয়, ”আমি আশা ৰাখিছো তেখেতসকলে ইতিবাচকভাৱে সহাৰি জনাব। তেওঁলোক অসমৰে সন্তান।”

লগতে পঢ়কঃ বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান

Last Updated : Mar 2, 2021, 2:13 PM IST

ABOUT THE AUTHOR

...view details