তিনিচুকীয়া,৩ ছেপ্টেম্বৰ:“কংগ্ৰেছৰ কাৰণে চাহ বাগানসমূহ ৰাজনীতি কৰাৰ এক স্থান, ভোটবেংক আৰু আমাৰ কাৰণে হৈছে চাহ বাগানসমূহ জাতীয় সমস্যা ৷ জাতীয় সমস্যা হিচাপে লৈ আমি চাহ বাগানৰ সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰি আহিছোঁ ৷ বাগৰ পথসমূহ নিৰ্মাণ কৰাৰ লগতে বিভিন্ন শিক্ষা অনুষ্ঠানত আসন সংৰক্ষণ কৰিছোঁ যিটো কংগ্ৰেছে কোনোদিন চিন্তাই কৰিব নোৱাৰে ,” মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় ৷
শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে তিনিচুকীয়াত উপস্থিত হৈ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । ইয়াৰোপৰি আন কেতবোৰ প্ৰসংগতো সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । চাহ বাগিচাৰ উন্নয়নৰ বাবে চৰকাৰে কাম কৰি আছে বুলি উল্লেখ কৰি অহা কিছুদিনৰ ভিতৰতে চাহ বাগিচাৰ যুৱক-যুৱতীৰ বাবে তিনি শতাংশ চাকৰি সংৰক্ষিত হ'ব বুলি মত প্ৰকাশ কৰে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে যিসকল শ্ৰমিকে বিদ্যুতৰ বিল দিব নোৱাৰি বিদ্যুৎ কৰ্তন কৰি থৈছে তেওঁলোকক চৰকাৰে বিল পৰিশোধ কৰি পুনৰ বিদ্যুৎ সংযোগ কৰি দিব বুলি জানিবলৈ দিয়ে । লগতে চাহ বাগিচাত ৰাস্তা বনোৱা, নতুনকৈ ৮০ খন হাইস্কুল বনোৱাৰ দৰে বহু আঁচনি ৰখা হৈছে গতিকে বাগানৰ বাবে ৰাজনৈতিকভাৱে BJP য়ে কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই বুলি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আগবঢ়াই ।