অসম

assam

By

Published : Jun 20, 2021, 10:34 AM IST

ETV Bharat / state

তিনিচুকীয়াত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ক'ভিডৰ সংক্ৰমণ,বান সমস্যা আদি কেইবাটাও বিষয় সন্দৰ্ভত শনিবাৰে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) ৷ সাম্ভাব্য বান পৰিস্থিত ৰোধ কৰা আৰু বৰ্তমানৰ ক'ভিড পৰিস্থিতি ৰোধ কৰাৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰদান মুখ্যমন্ত্ৰীৰ ৷

cm-himanta-bishwa-sarma-visited-tinsukia
তিনিচুকীয়াত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

তিনিচুকীয়া, 20 জুন : তিনিচুকীয়া জিলাৰ বানপানী, কভিড-19 (Covid 19)ৰ সংক্ৰমণ আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ শনিবাৰে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) ৷ বিশেষকৈ জিলাখনত দিনক দিনে বৃদ্ধি পোৱা ক'ভিড সংক্ৰমণ আৰু বান পৰিস্থিতি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি সেই সন্দৰ্ভত বৈঠকত আলোচনা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

উক্ত আলোচনাত উপস্থিত থাকে জিলাখনৰ উপায়ুক্ত, তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ সঞ্চালক আৰু জিলাখনৰ প্ৰশাসনিক উচ্চ পদৰ বিষয়া সকল ৷ আলোচনাত জিলাখনৰ সাম্ভাব্য বান পৰিস্থিত ৰোধ কৰা আৰু বৰ্তমানৰ ক'ভিড পৰিস্থিতি ৰোধ কৰাৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰদান কৰে বিষয়া সকলে ৷

তিনিচুকীয়াত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

শনিবাৰে দিনটোত তিনিচুকীয়া ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী গৰাকীৰ সতে উপস্থিত থাকে খাদ্য সংসাধন উদ্যোগ দপ্তৰ ভাৰত চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যিক কৃষি পশুপালন তথা তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা,ৰাজ্যিক শ্ৰম,চাহ-কল্যাণ মন্ত্ৰী তথা তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষান,নাহৰকটিয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ, লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন, চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা আৰু ডুমডুমাৰ সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা ৷

উল্লেখ্য যে, ইয়াৰ পাছতে উত্তৰ-পূৱ কয়লা ক্ষেত্ৰ বন্ধ হৈ থকা বিষয়টোৰ সন্দৰ্ভত আলোচনাৰ অৰ্থে মাৰ্ঘেৰিটাৰ ক'ল ইণ্ডিয়াৰ দিহিং গেষ্ট হাউচত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ উত্তৰ পূৱ কয়লা ক্ষেত্ৰ বন্ধ হৈ থকা বিষয়টোৰ সন্দৰ্ভত ক'ল ইণ্ডিয়াৰ কৰ্তৃপক্ষৰে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী ৷

লগতে পৰিবেশ সংক্ৰান্তীয় দিশ সমূহ অধ্যয়নৰ বাবে দিল্লীত অহা মাহত এখন ত্ৰিপাক্ষিক বৈঠক অনুস্থিত ‌হ'ব বুলি জনালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনে কয়লা ক্ষেত্ৰ পুনৰ মুকলি হোৱাতো বিচাৰে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়কঃক'ল ইণ্ডিয়া কৰ্তৃপক্ষৰে মিলিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details