অসম

assam

ETV Bharat / state

সফলতাৰ জয়গানেৰে তিনিচুকীয়াত সোণোৱালৰ ভোটভিক্ষা

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লোকসভা নিৰ্বাচনত অসমৰ ১৪ খন আসনৰ ১২ খন আসনতেই বিজেপিৰ জয় নিশ্চিত বুলি মন্তব্য কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ গোপন মিত্ৰতাই কংগ্ৰেছৰ বৰ্তমানৰ দুৰ্বল অৱস্থাৰ কথা প্ৰমাণ কৰিছে বুলি সোণোৱালে মন্তব্য কৰে ৷ কেন্দ্ৰত বিজেপি দলে চৰকাৰ গঠন কৰিলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতি পালন কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

By

Published : Mar 31, 2019, 4:24 AM IST

তিনিচুকীয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ

তিনিচুকীয়া,31 মাৰ্চঃ শনিবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ৰাজ্যত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ প্ৰধানমন্ত্ৰীৰ সৈতে মৰাণত অনুষ্ঠিত সভাত অংশ লোৱাৰ পাচতে তিনিচুকীয়াৰ ব্যৱসায়ীসকলক সাঙুৰি তিনিচুকীয়াৰ মানৱ কল্যাণ প্ৰাৰ্থনা ভৱনত আয়োজিত এখন জনসভাত অংশ লয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰলগতে ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ প্ৰভাৰী ড৹ মহেন্দ্ৰ সিঙে।

তিনিচুকীয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লোকসভা নিৰ্বাচনত অসমৰ ১৪ খন আসনৰ ১২ খন আসনতেই বিজেপিৰ জয় নিশ্চিত বুলি মন্তব্য কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। কংগ্ৰেছ আৰু এ আই ইউ ডিএফৰ গোপন মিত্ৰতাই কংগ্ৰেছৰ বৰ্তমানৰ দুৰ্বল অৱস্থাৰ কথাপ্ৰমাণ কৰিছে বুলি সোণোৱালে মন্তব্য কৰে ৷ আনহাতে কেন্দ্ৰত বিজেপি দলে চৰকাৰ গঠন কৰিলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতি পালন কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

এই সভাতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ হৈ প্ৰচাৰ চলাই বিজেপি চৰকাৰ অহাৰ পাচতে দেশত আমূল পৰিবৰ্তন সম্ভৱ হৈছে বুলি মন্তব্য কৰে মহেন্দ্ৰ সিঙে। ইপিনে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকল পুৰুষ প্ৰধানমন্ত্ৰী নাছিল বুলি কৈ আমেৰিকাই লাডেনক আক্ৰমণ কৰাৰ দৰে তেওঁলোকৰসন্ত্ৰাসবাদীৰ বিৰুদ্ধে আক্ৰমণ কৰাৰ সাহস নাছিল বুলিও মন্তব্য কৰে ৷লগতে তেওঁ মোডীৰ প্ৰশংসাত কয় যে মোডীয়েশাসনভাৰ লোৱাৰ পাছতে পাকিস্তানৰ লগতে ম্যানমাৰত গৈ সন্ত্ৰাসবাদীক এসেকা দিবলৈ সক্ষম হৈছে বুলি কয় ৰাজ্যিক বিজেপিৰ প্ৰভাৰী গৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details