তিনিচুকীয়া,18 এপ্ৰিল:দেওবাৰে তিনিচুকীয়াৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ইয়াৰ পিছতে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ ৰাইজক সতৰ্ক আৰু সাৱধান হোৱাৰ লগতে কভিড প্ৰট'কল মানি চলিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ।
ৰাইজক ক’ভিড প্ৰট'কল মানি চলিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ - ক’ভিড
দেওবাৰে তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয় আৰু জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ক’ভিড সন্দৰ্ভত মতামত আগবঢ়াই ৰাইজক ক’ভিড প্ৰট'কল মানি চলিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
তিনিচুকীয়াত উপস্থিত হৈ ৰাইজক ক’ভিড প্ৰট'কল মানি চলিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰী গৰাকীৰ লগতে তিনিচুকীয়াত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ ৰামেশ্বৰ তেলী, সাংসদ তপন গগৈ আৰু ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন । উল্লেখযোগ্য যে, শেহতীয়াকৈ ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছে জিলাখনত ৷ জিলাখনত বিগত 1 এপ্ৰিলৰ পৰা বৰ্তমানলৈকে 209 গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে ৷
লগতে পঢ়ক :মহামাৰীৰ দ্ৰুত সংক্ৰমণৰ বাবে পশ্চিমবংগত বাতিল ৰাহুল গান্ধীৰ নিৰ্বাচনী সভা