অসম

assam

ETV Bharat / state

Lachit Divas celebrated at Tezpur: তেজপুৰত লাচিত বৰফুকনৰ ৪০০বছৰীয়া জন্ম জয়ন্তীৰ সামৰণি

শোণিতপুৰ জিলা প্ৰশাসনে ১৮ নৱেম্বৰৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা মহাবীৰ লাচিত বৰফুকনৰ (Birth anniversary of Lachit Borphukan) ৪০০ বছৰীয়া জন্ম জয়ন্তী অনুষ্ঠানৰ আজি সামৰণি পৰে ৷ তেজপুৰৰ জিলা সংগ্ৰহালয় প্ৰাংগনৰ পৰা শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ প্ৰমুখ্যে জিলা প্ৰশাসনৰ সকলো বিষয়া-কৰ্মচাৰী, বিশিষ্ট ব্যক্তিৰ লগতে একাংশ শিক্ষাৰ্থীয়ে উপভোগ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণ ।

By

Published : Nov 25, 2022, 8:45 PM IST

Lachit Divas celebrated at Tezpur
তেজপুৰত লাচিত বৰফুকনৰ ৪০০বছৰীয়া জন্ম জয়ন্তী সামৰণী

তেজপুৰ, ২৫ নৱেম্বৰ: শোণিতপুৰজিলা প্ৰশাসনে ১৮ নৱেম্বৰৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা মহাবীৰ লাচিত বৰফুকনৰ (Birth anniversary of Lachit Borphukan) ৪০০ বছৰীয়া জন্ম জয়ন্তী অনুষ্ঠানৰ আজি সামৰণি পৰে ৷ এই কাৰ্যসূচীৰ অন্তিম দিনটোত তেজপুৰৰ জিলা সংগ্ৰহালয় প্ৰাংগনৰ পৰা শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ প্ৰমুখ্যে জিলা প্ৰশাসনৰ সকলো বিষয়া-কৰ্মচাৰী আৰু বিশিষ্ট ব্যক্তিৰ লগতে একাংশ শিক্ষাৰ্থীয়ে উপভোগ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণ ।

তেজপুৰত লাচিত বৰফুকনৰ ৪০০বছৰীয়া জন্ম জয়ন্তী সামৰণী

জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তথা জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাস আৰু পংকজ বৰুৱাই আঁত ধৰা এই অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট বুৰঞ্জীবিদ তথা বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ নিত্যানন্দ গগৈয়ে ৷ তেওঁ ভাষণ প্ৰসংগত লাচিত বৰফুকনৰ জীৱন দৰ্শন আলোকপাত কৰে ।

তেজপুৰত লাচিত বৰফুকনৰ ৪০০বছৰীয়া জন্ম জয়ন্তী সামৰণী

শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই আদৰণি ভাষণ দাঙি ধৰা অনুষ্ঠানটোত শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী ডলী চুৰিণ, মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ উপস্থিত থাকে ৷ এই অনুষ্ঠানত লাচিত দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰসমূহ প্ৰদান কৰা হয় ।

লগতে পঢ়ক:Lachit Divas at Tezpur: তেজপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন

ABOUT THE AUTHOR

...view details