অসম

assam

ETV Bharat / state

কাকপথাৰত মৰাণ ছাত্ৰ সন্থাৰ চাফাই অভিযান

চাফাই অভিযান মৰাণ ছাত্ৰ সন্থাৰ ৷ কাকপথাৰ গন্ধৈগুৰী-তেজী বৰালি সংযোগী গড়কাপ্তানি পথৰ দুয়োকাষে চলায় চাফাই অভিযান ৷

কাকপথাৰত মৰাণ ছাত্ৰ সন্থাৰ চাফাই অভিযান

By

Published : Jun 14, 2019, 3:27 PM IST

শদিয়া, 14 জুন : কাকপথাৰ গন্ধৈগুৰী-তেজী বৰালি সংযোগী গড়কাপ্তানি পথৰ দুয়োকাষে চাফাই কাৰ্যসূচী হাতত লয় মৰাণ ছাত্ৰ সন্থাই ৷ কাকপথাৰ আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত তেজি, বৰালি ৰাইজৰ সহযোগত চেলেংগুৰী বনাঞ্চলৰ দুয়োকাষে বহু হাবি, জংঘল বাঢ়ি অহাৰ ফলত সময়ে সময়ে পথ দুৰ্ঘটনা সংঘটিত হৈ অহাৰ লগতে বিভিন্ন সময়ত অসামাজিক কাম কৰাৰো বাতৰি পোৱা যায় ৷ কাকপথাৰ চহৰৰ পৰা মাত্ৰ এক কি:মি: নিলগৰ পথটোত ৰাতি হলেই মদ, ভাং খাই দুষ্ট চক্ৰই বিভিন্ন ঘটনা সংঘটিত কৰি আহিছে ৷

কাকপথাৰত মৰাণ ছাত্ৰ সন্থাৰ চাফাই অভিযান

বিগত সপ্তাহত উক্ত পথটোৰে বন্ধন বেংকৰ এগৰাকী কৰ্মচাৰীয়ে বৰালি গাঁৱৰ পৰা ঋণৰ ধন লৈ আহোতে দিনতে ডকাইতৰ দলৰ মুখামুখি হৈছিল যদিও কথমপি প্ৰাণ ৰক্ষা পৰিছিল ৷ চহৰৰ কাষেৰে বনাঞ্চলখনৰ কাষৰ পথটোত কাকপথাৰ আৰক্ষীয়েও যিদৰে চকু দিব লাগে সেইয়াও নিদিয়াৰ অভিযোগ আছে আৰক্ষী বিৰুদ্ধে ৷ মৰাণ ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজৰ এনেধৰণৰ চাফাই কাৰ্যসূচীৰ যোগেদি এনেধৰণৰ অসামাজিক কাৰ্যত কিছু পৰিমাণে হ'লেও বাধাৰ সৃষ্টি কৰিব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে, গড়কাপ্তানি বিভাগৰ পথৰ দুয়ো কাষে হাবি, জংঘলসমূহ চাফা কৰাৰ ক্ষেত্ৰত ব্যৱস্থা থাকিব লাগে যদিও সেইয়া কাকপথাৰ অঞ্চলত দেখা নাযায় ৷ উদ্যোক্তাসকলৰ এনে কাৰ্য নি-সন্দেহে আদৰণীয় ৷

ABOUT THE AUTHOR

...view details