অসম

assam

By

Published : Mar 2, 2023, 12:33 PM IST

ETV Bharat / state

Civic action programme of CRPF: তিনিচুকীয়াত বনবন্ধু পৰিষদৰ সহযোগত অৰ্ধসামৰিক বাহিনীয়ে বিতৰণ কৰিলে চিলাই মেচিন

তিনিচুকীয়াৰ একল সেৱা কেন্দ্ৰত ১৫ গৰাকী মহিলাক চিলাই মেচিন বিতৰণ (Ekal Seva Kendra Tinsukia)। বনবন্ধু পৰিষদৰ তিনিচুকীয়া অধ্যায়ৰ সহযোগত কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ ৬৮ নং বেটেলিয়নৰ দ্বাৰা প্ৰদান কৰা হয় এই চিলাই মেচিন ।

Distribution of Sewing Machines in Tinsukia
তিনিচুকীয়াত মহিলাক চিলাই মেচিন বিতৰণ

তিনিচুকীয়াত মহিলাক চিলাই মেচিন বিতৰণ

তিনিচুকীয়া, ২মাৰ্চ: তিনিচুকীয়া জিলাৰ পদমিনিত অৱস্থিত একল সেৱা কেন্দ্ৰত বুধবাৰে আয়োজিত এক অনুষ্ঠানত বনবন্ধু পৰিষদৰ তিনিচুকীয়া অধ্যায়ৰ সহযোগত কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ ৬৮ নং বেটেলিয়নে বিতৰণ কৰে চিলাই মেচিন (Distribution of Sewing Machines in Tinsukia)। কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ দ্বাৰা পৰিচালিত নাগৰিক কাৰ্যসূচীৰ অধীনত গ্ৰামাঞ্চলৰ ১৫ গৰাকী মহিলাৰ মাজত চিলাই মেচিনসমূহ বিতৰণ কৰা হয় । উল্লেখ্য় যে কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ ৬৮ নং বেটেলিয়নে গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ উদ্দেশ্য়ে সময়ে সময়ে চিলাই মেচিন বিতৰণ কৰাৰ লগতে আন আন ক্ষেত্ৰতো সহায়ৰ হাত আগবঢ়াই আহিছে ।

চিলাই মেচিন বিতৰণৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানটোত মূখ্য অতিথি হিচাপে তিনিচুকীয়াৰ অতিৰিক্ত উপায়ুক্ত মঞ্জিত বৰকাকতি উপস্থিত থাকে (Civic action programme of CRPF in Tinsukia)। এই অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে চিআৰপিএফৰ ৬৮ নং বেটেলিয়নৰ কামাণ্ডিং বিষয়া ৰবীন্দ্ৰ সিং, উপ কামাণ্ডিং বিষয়া মায়া ৰাণী, কামাখ্যা প্ৰসাদ ৰচিবাসিয়াৰ উপৰি আন কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে (Paramilitary forces of Battalion 68)।

এই অনুষ্ঠানটোত একল সেৱা কেন্দ্ৰত চিলাইৰ শিক্ষা গ্ৰহণ কৰাৰ পিছতো চিলাই মেচিন ক্ৰয় কৰিব নোৱাৰা মহিলা হিতাধিকাৰীসকলৰ মাজত ১৫টা চিলাই মেচিন বিতৰণ কৰা হয় ৷ দুখীয়া মহিলাসকলে এই চিলাই মেচিনৰ দ্বাৰা যাতে ঘৰতে কাম কৰি উপাৰ্জন কৰিব পাৰে তাৰ বাবে বিনামূলীয়াকৈ চিলাই মেচিন বিতৰণ কৰা বুলি উদ্য়োক্তাসকলে কয় । ভৱিষ্য়তেও এই কাৰ্যসূচী চলি থাকিব বুলি উদ্য়োক্তাসকলে সদৰি কৰিছে ।

লগতে পঢ়ক:Raha toll plaza controversy: ৰহা টোলগেটত মাৰপিটৰ ঘটনা সন্দৰ্ভত 3 কৰ্মচাৰীক গ্ৰেপ্তাৰ

এই কাৰ্যসূচীৰ সমন্বয়ক বনবন্ধু পৰিষদ তিনিচুকীয়া অধ্যায়ৰ সাংগঠনিক সম্পাদক সঞ্জয় ত্ৰিবেদীয়ে অনুষ্ঠানটোৰ আঁত ধৰে । অনুষ্ঠানটোত উপস্থিত থাকে বনবন্ধু পৰিষদৰ তিনিচুকীয়া অধ্যায়ৰ সভাপতি বিনোদ ঘোৰাৱত ৷ সমান্তৰালভাৱে এই অনুষ্ঠানটোত একল কেন্দ্ৰত কৰ্মৰত বহুকেইগৰাকী কৰ্মচাৰীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে উপহাৰ প্ৰদান কৰা হয় ৷ উল্লেখ্য় যে বনবন্ধু পৰিষদৰ তিনিচুকীয়া অধ্যায়ৰ অধীনত ৩০৭ খন বিদ্যালয় বহুকেইখন গাঁৱত চলি আছে । এই একল কেন্দ্ৰত চিলাইৰ সমান্তৰালভাৱে বিউটিচিয়ানকে আদি কৰি কেইবাটাও বিভাগত বিনামূলীয়াকৈ তিনিমহীয়া প্ৰশিক্ষণ শেৱা প্ৰদান কৰি অহা হৈছে ৷

লগতে পঢ়ক:Sarbanada Sonowal on Traditional Medicine: বিশ্বজুৰি আয়ুষৰ বজাৰ ২২ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে, সোণোৱাল

ABOUT THE AUTHOR

...view details