অসম

assam

ETV Bharat / state

Missing case in Tinsukia: ডুমডুমাত পাঁচ দিনে সন্ধানহীন শিশু - ডুমডুমাত পাঁচ দিনেই সন্ধানহীন শিশু

দশমীত ডুমডুমাৰ পৰা সন্ধানহীন শিশুৰ চেণ্ডেল উদ্ধাৰক লৈ চাঞ্চল্য ৷ CCTV ৰ ভিডিঅ' সংগ্ৰহ কৰি অভিযান আৰক্ষীৰ ৷

Missing news of Tinsukia
শিশু সন্ধানহীন

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 5:48 PM IST

শিশু সন্ধানহীন

তিনিচুকীয়া, ২৮ অক্টোবৰ: দুৰ্গা পূজাৰ দশমীৰ দিনাৰে পৰা ডুমডুমাৰ এটি ৯ বছৰীয়া শিশু আজি পৰ্যন্ত সন্ধানহীন হৈ আছে । ডুমডুমাৰ ৰূপাই চাইডিংস্থিত ITBP শিৱিৰৰ সমীপৰ মদন শ্বাহ নামৰ লোকজনৰ কনিষ্ঠা কন্যা ৯ বছৰীয়া ৰশ্নি শ্বাহে ঘৰৰ সন্মুখত দুৰ্গা পূজা মণ্ডপলৈ গৈছিল । কিন্তু কিছু সময়ৰ পিছতে কন্যা ৰশ্নিৰ সন্ধান নোপোৱাত পৰিয়ালৰ মাজত হুৱাদুৱা লাগে আৰু ৰশ্নিৰ সন্ধান আৰম্ভ কৰে যদিও শিশুটিৰ সন্ধান লাভ কৰিব পৰা নাই । পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে এই সন্দৰ্ভত ডুমডুমা আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ।

লগতে পঢ়ক:UNGA on Israel Hamas conflict : ৰাষ্ট্ৰসংঘত ইজৰাইল হামাছ যুদ্ধবিৰতিৰ প্ৰস্তাৱ; সাধাৰণ পৰিষদত ভোটদানৰ পৰা বিৰত ভাৰত

ইয়াৰ পিচতেই বিভিন্ন স্থানত থকা CCTV ফুটেজৰ ভিক্তিত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে সন্ধানহীন হোৱা শিশুটিৰ বাসগৃহৰ সমীপৰ CCTV কেমেৰাত দশমীৰ দিনা শিশুটিক দেখা গৈছে । দুৰ্গা পূজাৰ দশমীৰ দিনাৰে পৰা সন্ধানহীন হৈ থকা ৰশ্নি শ্বাহ নামৰ এই শিশুটিৰ সম্ভেদ লাভ কৰিলে 7002504392 নাইবা 9678456545 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকসকলে ৰাইজক কাতৰ আহ্বান জনাইছে ।

লগতে পঢ়ক:Lower Subanshiri big dam: নামনিবাসী ৰাইজলৈ ধেমাজি জিলা প্ৰশাসন আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ জৰুৰী সৰ্তকতা

আনহাতে, আজি পৰিয়ালৰ লোকে প্ৰতিবাদ কৰাৰ উদ্দেশ্যে স্থানীয় লোকক আমন্ত্ৰণ দিবলৈ ঘৰে ঘৰে যাওঁতে এজন লোকৰ ঘৰত ৰশ্নিৰ মাতৃয়ে শিশুটিৰ চেন্ডেলযোৰ প্ৰত্যক্ষ কৰে আৰু চেন্দেলযোৰ লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷ ইয়াকে লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ উক্ত ঘৰৰ গৃহস্থই উল্লেখ কৰা অনুসৰি দশমীৰ দিনা ঘৰত নাছিল কোনো লোক। ৰশ্নিৰ চেন্দেলযোৰ ওলোৱাৰ পাছতেই আৰক্ষীয়ে ঘৰখনৰ চাৰিওফালে, আশে পাশে থকা বাগান, হাবি ইত্যাদিত অভিযান তীব্রতৰ কৰি তুলিছে ।

লগতে পঢ়ক:Indian national sentenced to jail in Singapore : ছিংগাপুৰত কলেজীয়া ছাত্ৰীক ধৰ্ষণ, ধৰ্ষণকাৰী ভাৰতীয় যুৱকক ১৬ বছৰৰ কাৰাদণ্ড

ABOUT THE AUTHOR

...view details