অসম

assam

By

Published : Aug 16, 2021, 6:28 PM IST

ETV Bharat / state

ডুমডুমাৰ এখন চাহ বাগিচাৰ পৰা শিশু শ্ৰমিক উদ্ধাৰ

চৰকাৰৰ কঠোৰ আইনকো আওকান কৰি নিজৰ কামত শিশু শ্ৰমিক নিয়োগ কৰি আহিছে একাংশ ধনবল-বাহুবলেৰে বলীয়ান লোকে ৷ এইবাৰ ডুমডুমাৰ ৰূপাইৰ এখন বাগিচাৰ পৰা উদ্ধাৰ কৰা হৈছে 12 বছৰৰ তলৰ 6 গৰাকীকৈ শিশু শ্ৰমিক ৷

child-labour-rescued-from-tea-garden-of-doomdooma
ডুমডুমাৰ এখন চাহ বাগিচাৰ পৰা শিশু শ্ৰমিক উদ্ধাৰ

শদিয়া,16 আগষ্ট: শিশু শ্ৰমিক ৰোধ কৰিবৰ বাবে চৰকাৰে কঠোৰ আইন প্ৰনয়ন কৰাৰ পাছতো দেশৰ লগতে ৰাজ্যত অব্যাহত আছে শিশু শ্ৰমিক ব্যৱহাৰৰ ঘটনা ৷ আন বিভিন্ন খণ্ডৰ সমান্তৰালকৈ অসমৰ চাহ উদ্যোগটোতো নিয়োজিত হৈ আছে বহু শিশু শ্ৰমিক৷ শেহতীয়াকৈ ডুমডুমাৰ ৰূপাইৰ টিম শৰ্মা নামৰ এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কে নিজৰ চাহ বাগিচাত শিশু শ্ৰমিক নিয়োগ কৰি শিশু সকলক অতি কম মজুৰিৰে কাম কৰোৱাই মুনাফা আদায় কৰাৰ ঘটনা পোহলৈ আহিছে ৷

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ স্থানীয় গোটে এই সন্দৰ্ভত খবৰ লাভ কৰি বাগিচাখনত অভিযান চলাই ছয় গৰাকী কন্যা শিশু শ্ৰমিক উদ্ধাৰ কৰে ৷ আশ্বৰ্যজনক ভাৱে 9 বছৰৰ পৰা 12 বছৰ বয়সৰ কন্যা শিশু শ্ৰমিক সকলক দিনটো পাত চিঙাৰ বাবদ দিয়া নহয় উচিত প্ৰাপ্য ৷ সামন্তৰালকৈ নিয়মীয়া প্ৰাপ্তবয়স্ক শ্ৰমিক সকলক মাত্ৰ 120 টকা মজুৰি প্ৰদান কৰি তেঁওলোকক ৰেচন,ভৱিষ্যত নিধি,গ্ৰেছউটি, চিকিৎসা সেৱা আদি সকলো ধৰণৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰি ৰাখিছে ক্ষুদ্ৰ চাহ খেতিয়ক গৰাকীয়ে ৷

ডুমডুমাৰ এখন চাহ বাগিচাৰ পৰা শিশু শ্ৰমিক উদ্ধাৰ

ইফালে বাগিচাখনৰ শ্ৰমিকে জানিবলৈ দিয়া মতে, বাগিচাখনৰ স্বত্বাধিকাৰী টিম শৰ্মাই দীৰ্ঘদিনৰ পৰা বোনাচ দিয়াৰ প্ৰতিশ্ৰুতি দি শ্ৰমিকৰ দৰমহাৰ পৰা 10 টকাকৈ কৰ্তন কৰি আহিছে ৷

ইতিমধ্যে চাহ জনজাতি ছাত্ৰ সন্থাই শিশু শ্ৰমিক নিয়োজিত কৰাৰ বাবে টিম শৰ্মা নামৰ লোকজনৰ বিৰুদ্ধে ডুমডুমা থানাত এজাহাৰ দাখিল কৰিছে ৷ কিন্তু এইসময়ত সকলোৰে মনত প্ৰশ্ন উদয় হৈছে যে, শিশু শ্ৰমিক নিয়োগ কৰি মুনাফা আদায় কৰা টিম শৰ্মা নামৰ লোক জনৰ বিৰুদ্ধে প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰিব নে ? ক্ষুদ্ৰ চাহ বাগিচা সমূহত কৰ্মৰত শ্ৰমিক সকল আৰু কিমান দিনলৈ শোষনৰ বলি হৈ থাকিব ?

এই সমূহ বিষয়ত শ্ৰমিক ইউনিয়ন বা চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেইয়া সময়তহে পৰিলক্ষিত হ'ব ৷

লগতে পঢ়কঃকোনে চকুলো মচিব লাইকা-দধিয়াবাসীৰ ?

ABOUT THE AUTHOR

...view details