অসম

assam

HS Result 2022: কলা শাখাত প্ৰথম স্থান লাভ কৰি তিনিচুকীয়ালৈ গৌৰৱ কঢ়িয়ালে চেৰী গোহাঁয়ে

By

Published : Jun 27, 2022, 6:43 PM IST

উচ্চতৰ মাধ্যমিকৰ কলা শাখাত শীৰ্ষ প্ৰথম স্থান লাভ কৰি তিনিচুকীয়াবাসীলৈ গৌৰৱ কঢ়িয়ালে চেৰী গোহাঁয়ে ৷ তিনিচুকীয়া মহিলা মহাবিদ্যালয়ৰ ছাত্ৰী চেৰীয়ে সৰ্বমুঠ ৪৮৭ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷

HS Result 2022
কলা শাখাত প্ৰথম স্থান লাভ কৰি তিনিচুকীয়ালৈ গৌৰৱ কঢ়িয়ালে চেৰী গোহাঁয়ে

তিনিচুকীয়া, 27 জুন: সোমবাৰে ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল (HS Result 2022)৷ কলা শাখাত শীৰ্ষ প্ৰথম স্থান লাভ কৰি তিনিচুকীয়াবাসীলৈ গৌৰৱ কঢ়িয়ালে চেৰী গোহাঁয়ে৷

তিনিচুকীয়া মহিলা মহাবিদ্যালয়ৰ ছাত্ৰী চেৰীয়ে(Cherry Gohain) সৰ্বমুঠ ৪৮৭ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷ ফলাফল লাভৰ পাছতে নিজ মহাবিদ্যালয়খনত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে বিভিন্ন দল-সংগঠন আৰু তিনিচুকীয়া পৌৰসভাৰ পৌৰপতিয়ে ফুলাম গামোছাৰে সম্বৰ্ধনা জনায় চেৰী গোহাঁইক । লাইপুলিৰ নিবাসী প্ৰবীণ গোহাঁইৰ কন্যা চেৰী গোহাঁই ।

কলা শাখাত প্ৰথম স্থান লাভ কৰি তিনিচুকীয়ালৈ গৌৰৱ কঢ়িয়ালে চেৰী গোহাঁয়ে

উল্লেখ্য যে, সোমবাৰে ঘোষিত ফলাফলত কলা শাখাত উত্তীৰ্ণৰ হাৰ ৮৩.৪৮ শতাংশ (Pass percentage of Arts stream), বিজ্ঞান শাখাত ৯২.১৯ শতাংশ (Science stream percentage 92.19) আৰু বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ হৈছে ৮৭.২৭ শতাংশ। আনহাতে, এইবাৰৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কলা শাখাত মুঠ ১,৫৬,১০৭ গৰাকী, বাণিজ্য শাখাত ১৫,১৯৯ গৰাকী আৰু বিজ্ঞান শাখাত ৩৩,৫৩৪ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ।

লগতে পঢ়ক:ৰিজাল্টক লৈ সুখী শিক্ষামন্ত্ৰী: প্ৰদান কৰা হ’ব স্কুটী

ABOUT THE AUTHOR

...view details