তিনিচুকীয়া,৫ ফেব্ৰুৱাৰী :ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মাইক্ৰ'ফাইনেন্সৰ হিতাধিকাৰী মহিলাসকলৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । মহিলাসকলক সহায়ৰ বাবে চৰকাৰে বিভিন্ন জিলাত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২১ৰ (Assam Micro Finance Incentive and Relief Scheme) অধীনত চেক বিতৰণ কৰিছে । শুকুৰবাৰে তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত জান'মুখ খেল পথাৰত আয়োজন কৰা হয় চেক বিতৰণৰ বিশেষ কাৰ্যসূচী (Cheques Distribution under microfinance loan waiver scheme)।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা । জিলাখনৰ নিয়মীয়াকৈ ঋণ পৰিশোধ কৰি থকা মুঠ ২২,৬৭৪ গৰাকী মহিলাৰ ভিতৰত প্ৰথম পৰ্যায়ত ৫ হাজাৰ মহিলাক চেক প্ৰদান কৰা হয় । চৰকাৰৰ এই সাহায্য লাভ আনন্দিত হিতাধিকাৰী মহিলাসকল ।