তিনিচুকীয়া, ১১ জুন: তিনিচুকীয়াৰ ২নং কদমণি নামঘৰ আৰু হৰি নাম চৰ্চা কেন্দ্ৰৰ উন্নয়নৰ সাহায্যাৰ্থে অনুষ্ঠিত হ'বলগীয়া উপহাৰ কূপন খেলখনৰ নামত এটা চক্ৰই প্ৰৱঞ্চনাৰ আশ্ৰয় লোৱা বুলি গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে । উল্লেখযোগ্য যে, প্ৰতিটো উপহাৰ কূপনৰ বাবদ ১০০ টকাকৈ ধাৰ্য কৰি আয়োজক সমিতিৰ একাংশই ডিব্ৰুগড়, তিনিচুকীয়া, দুলীয়াজান, ধেমাজি আদি অঞ্চলত ব্যাপক হাৰত কূপন বিক্ৰীৰ জৰিয়তে ধন সংগ্ৰহ কৰে ।
এই উপহাৰ কূপন খেলখনৰ পুৰস্কাৰ হিচাপে কেইবাখনো বিলাসী বাহন, মটৰ চাইকেল, আই ফোন আদিৰ ব্যৱস্থা কৰিছিল আয়োজকে । কিন্তু ইয়াৰ বাবে তিনিচুকীয়া আৰক্ষীৰ পৰা প্ৰয়োজনীয় অনুমতি নোপোৱাৰ পৰিপ্ৰেক্ষিতত তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে যোৱা ২৯ মে'ত উপহাৰ কূপন খেলখন অনুষ্ঠিত কৰাত বাধা আৰোপ কৰি জাননী জাৰি কৰে ।
কিন্তু আৰক্ষীৰ বাধা স্বত্বেও খেলৰ আয়োজকসকলে মুকলিকৈ কূপন বিক্ৰী কৰি ধন সংগ্ৰহ প্ৰক্ৰিয়া অব্যাহত ৰাখে । মন কৰিবলগীয়া যে, ২নং কদমনি নামঘৰৰ নামত প্ৰায় পাঁচ কোটিটকীয়া উপহাৰ কূপন খেলখনৰ যাৱতীয় অনুমতি বিচাৰি ৰীণা চেতিয়া নামৰ এগৰাকী মহিলাই প্ৰশাসনৰ ওচৰত আবেদন জনাইছিল ।
কিন্তু তিনিচুকীয়া আৰক্ষীয়ে বিচৰা যাৱতীয় নথি পত্ৰ আয়োজক সমিতিয়ে দিব নোৱাৰাত আৰক্ষীয়ে খেল খনত বাধা আৰোপ কৰি জাননী জাৰী কৰিবলৈ বাধ্য হয় । আৰক্ষীৰ অনুমোদন নথকা স্বত্বেও আয়োজক সমিতিয়ে সাধাৰণ ৰাইজক নিৰ্ধাৰিত সময়মতেই উপহাৰ কূপন খেল খন অনুষ্ঠিত হ'ব চৰম মিথ্যাচাৰৰ আশ্ৰয় লৈ কূপন বিক্ৰীৰ জৰিয়তে লাখ লাখ টকা সংগ্ৰহ কৰে ।