অসম

assam

ETV Bharat / state

Gangaram Kaul Murder: শ্ৰমিক নেতা গংগাৰাম ক’লৰ মৃত্যু তদন্ত; তিনিচুকীয়াত পুনৰ CBI ৰ দল - gangaram coal

2013 চনৰ 25 মাৰ্চৰ নিশা তিনিচুকীয়াত সংঘটিত হৈছিল এক শিহৰণকাৰী হত্যাকাণ্ড ৷ চাহ শ্ৰমিক তথা CPIML ৰ সেই সময়ৰ নেতা গংগাৰাম ক’লৰ এই হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য ৷ আজি দহ বছৰৰ মূৰত পুনৰ উক্ত ঘটনাৰ তদন্তত নামিছে CBI ৰ দল ৷

Gangaram Kaul Murder
দহ বছৰৰ মূৰত পুনৰ আৰম্ভ তদন্ত

By

Published : Jul 24, 2023, 5:56 PM IST

Updated : Jul 24, 2023, 9:14 PM IST

দহ বছৰৰ মূৰত পুনৰ আৰম্ভ তদন্ত

তিনিচুকীয়া, ২৪ জুলাই : তিনিচুকীয়াত দীৰ্ঘদিন ধৰি এটা হত্যাকাণ্ডৰ উচিত ন্যায় বিচাৰি কৰা আন্দোলনৰ পাচত এতিয়া পুনৰ তিনিচুকীয়াত উপস্থিত হৈছে CBI ৰ এটা সঁজাতি দল ৷ বিগত ১৭ জুলাইৰ পৰা তিনিচুকীয়াত বাহৰ পাতি আছে CBI ৰ দুজনকৈ বিষয়াই ৷ এটা হত্যাকাণ্ডৰ তদন্তৰ বাবে বাহৰ পাতিছে CBI ৰ দুজনীয়া দলটোৱে ৷

ঘটনা অনুসৰি, ২০১৩ চনৰ ২৫ মাৰ্চত নিশা নিজা ঘৰলৈ উভতাৰ পথত কোনো দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হত্যা কৰিছিল পানীতোলাৰ চাহ শ্ৰমিক তথা CPIML ৰ সেই সময়ৰ নেতা গংগাৰাম ক’লক ৷ চাহ শ্ৰমিক নেতা গংগাৰাম ক’লৰ হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত তিনিচুকীয়াৰ লগতে বিভিন্ন প্ৰান্তত ব্যাপক ৰূপত হৈছিল প্ৰতিবাদ ৷ প্ৰতিবাদৰ জৰিয়তে গংগাৰাম ক’লৰ হত্যাকাণ্ডৰ তদন্ত CBI ক দিয়াৰ দাবী কৰিছিল পৰিয়াল আৰু প্ৰতিবাদী দল-সংগঠনে ৷

আনহাতে ক’লৰ পৰিয়ালৰ এজাহাৰ ভিত্তিত তিনিচুকীয়া সদৰ আৰক্ষী থানাত গোচৰ নং 191/13 ৰুজু হৈ u/s 341/302/34 IPC ধাৰাত সন্নিৱিষ্ট হৈ থকা হত্যাকাণ্ডৰ তদন্ত পৰৱৰ্তী সময়ত CBI য়ে লাভ কৰিছিল ৷ CBI য়ে তদন্ত কৰিছিল যদিও হত্যাকাণ্ড কোনে সংঘটিত কৰিছিল তাক উলিয়াব নোৱাৰি গোচৰটোৰ তদন্ত বন্ধ কৰিছিল ৷ পৰৱৰ্তী সময়ত CBI ৰ তদন্তত দোষী নোলোৱাত গংগাৰাম ক’লৰ পৰিয়ালে অসন্তুষ্টি হৈ পুনৰ গোচৰটো তদন্ত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন কৰিছিল ৷

পৰিয়ালৰ অসন্তুষ্টিৰ আবেদনৰ পাচতেই পুনৰ CBI ক ঘটনাটোৰ তদন্ত পুনৰ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছিল উচ্চ ন্যায়ালয়ে ৷ ন্যায়ালয়ৰ নিৰ্দেশ পাই পুনৰ গংগাৰাম ক’ল হত্যাৰ তদন্ত কৰিবলৈ তিনিচুকীয়াৰ পানীতোলালৈ আহিছে CBI ৰ দুই বিষয়া ৷ CBI ৰ দলটো পানীতোলাস্থিত গংগাৰাম ক’লৰ বাসগৃহত উপস্থিত হৈ হত্যাকাণ্ডৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে ঘটনাটোৰ সাক্ষী হিচাপে নাম থকা লোকসকলৰ ঘৰে ঘৰে তদন্তৰ বাবে গৈছে ৷

ক’লৰ পত্নীৰ অভিযোগ অনুসৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড আছিল ৷ পৰিয়ালে দিয়া এজাহাৰত চাবুৱাৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাজু চাহুৰ লগতে বহুজনৰ নাম উল্লেখ আছিল ৷ সেইসময়ত ৰাজু চাহুৰ লগতে বহুজনে সন্মুখীন হৈছিল CBI ৰ জেৰাৰ ৷ কিন্তু তাৰ পাচতো নোলাল কোনো হত্যাকাণ্ডৰ ক্লু ৷ সেয়ে বিগত ১৩ টা বছৰে গংগাৰাম ক’ল হত্যাৰ ন্যায়ৰ অপেক্ষাত দুৰ্ভগীয়া পৰিয়ালটোয়ে বাট চাই ৰৈছে আৰু এইবাৰ CBI ৰ তদন্তত ন্যায় পোৱাৰ আশা প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক :Robbery Incident: কাকপথাৰ-ডুমডুমা পথত চলন্ত গাড়ীত কণী মাৰি ডকাইতিকাণ্ড

Last Updated : Jul 24, 2023, 9:14 PM IST

ABOUT THE AUTHOR

...view details