অসম

assam

By

Published : Jun 7, 2020, 4:21 AM IST

ETV Bharat / state

দেবাশিষ গগৈৰ সোঁৱৰণত আটাছুৰ বন্তি প্ৰজ্বলন

দেৱাশিষ গগৈৰ সোঁৱৰণত কাকপথাৰত আটাছুৰ বন্তি প্ৰজ্বলন ৷ হত্যা কাণ্ডৰ বিচাৰ ফাৰ্ষ্টেক আদালতত কৰাৰ দাবী ৷ মৰিয়নীত গণহত্যাৰ বলি হৈছিল দেৱাশিষ গগৈ ৷

candle mares
candle mares

6 জুন, কাকপথাৰ : মৰিয়নীত সংঘটিত হোৱা নৃশংস গণ হত্যাকাণ্ডত প্ৰাণ হেৰুওৱা দেৱাশিষ গগৈৰ সোঁৱৰণত কাকপথাৰ আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাই শনিবাৰে এক বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ উক্ত কাৰ্যসূচীত দেৱাশিষ গগৈৰ প্ৰতিচ্ছবি আগত লৈ বন্তি প্ৰজ্বলন কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক অভিজিত ফুকনে ৷ বন্তি প্ৰজ্বলনৰ পাচতে সংগঠনটোৰ অন্য বিষয়ববীয়া আৰু সদস্য সকলে পুষ্পাঞ্জলি অৰ্পণ কৰে দেৱাশিষ গগৈৰ প্ৰতিচ্ছবিত ৷

দেবাশিষ গগৈৰ সোঁৱৰণত আটাছুৰ বন্তি প্ৰজ্বলন

অভিজিত ফুকনে সংবাদ মাধ্যমৰ আগত দেৱাশিষ গগৈৰ হত্যা কাণ্ডক কঠোৰ ভাষাৰে ধিক্কাৰ দিয়াৰ লগতে অভিযুক্তক শীঘ্ৰেই ফাৰ্ষ্ট্ৰেক আদালতত বিচাৰ কৰি শাস্তি দিবলৈ দাবী জনায় ৷ অন্যহাতে বিগত সময়ত দকমকা কাণ্ডত প্ৰাণ হেৰুওৱা অভিজিত আৰু নীলোৎপলৰ লগতে নিৰ্মমভাৱে হত্যা কৰা বাগিছাৰ চিকিৎসক দেবেন দত্তৰ হত্যাৰ বিচাৰ ফাৰ্ষ্ট্ৰেক আদালতত কৰাৰ যি আশ্বাস প্ৰদান কৰিছিল তাক প্ৰকৃত ৰূপত ৰূপায়ণ কৰিবলৈও দাবী জনায় ৷
লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ সমষ্টিত এটা বন্য হস্তীৰ অপমৃত্যু

ABOUT THE AUTHOR

...view details