অসম

assam

ETV Bharat / state

কাকপথাৰৰ কেন্সাৰ ৰোগীক প্ৰয়োজন আপোনাৰ সহায় - seeking help

বিগত তিনি বছৰে কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে মদন তালুকদাৰ নামৰ এজন ব্যক্তি । চিকিৎসাৰ নামত খৰছ হল সমস্ত জমা ধন । আৰ্থিক দিশত সহায় কৰিব বিচৰা ইচ্ছুক ব্যক্তিয়ে 6003364893 নম্বৰত যোগাযোগ কৰি সহায় কৰিব পাৰিব পৰিয়ালটোক ৷

কাকপথাৰৰ কেন্সাৰ ৰোগীক প্ৰয়োজন আপোনাৰ সহায়

By

Published : Jul 27, 2019, 11:37 AM IST

কাকপথাৰ, ২৭ জুলাই : তিনি বছৰে কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে কাকপথাৰৰ মদন তালুকদাৰ । চিকিৎসাৰ নামত সমস্ত সাঁচতীয়া ধন খৰচ কৰি কোনো সু-ফল নোপোৱাত এতিয়া বিপাঙত পৰি সহায় বিচাৰিছে অসমবাসীৰ । স্থানীয় বিধায়ক, সাংসদ তথা পঞ্চায়ত প্ৰতিনিধিক বাৰম্বাৰ অনুনয়, বিনুনয় কৰিও কোনো সু-ফল নোপোৱাত ক্ষোভিত হৈ পৰিছে পৰিয়াল তথা স্থানীয়বাসী ৷ বিগত পঞ্চায়ত নিৰ্বাচনৰ আগত স্থানীয় বিধায়ক বলিন চেতিয়াই ব্যক্তিজনক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিকোপতি নাপালে এটাও ফুটাকড়ি ৷ হৃদয়বান লোকক সহায়ৰ আহ্বান ।

কাকপথাৰৰ কেন্সাৰ ৰোগীক প্ৰয়োজন আপোনাৰ সহায়

ABOUT THE AUTHOR

...view details