অসম

assam

ETV Bharat / state

কাকপথাৰ আঞ্চলিক অগপৰ সভাপতিৰ বিস্ফোৰক মন্তব্য - কাকপথাৰ আঞ্চলিক সমিতিৰ সভাপতি ৰঞ্জন চুতীয়া

"অগপ নেতৃত্বৰ কথা আমি নামানো, কেব আমি বিৰোধ কৰিম" কাকপথাৰ আঞ্চলিক অগপৰ সভাপতিৰ বিস্ফোৰক মন্তব্য ৷ সংবাদ মাধ্যমৰ আগত মন্তব্য সভাপতি ৰঞ্জন চুতীয়াৰ ৷

CAB Against agp leader at kakopather
কাকপথাৰ আঞ্চলিক অগপৰ সভাপতি

By

Published : Dec 5, 2019, 10:53 PM IST

শদিয়া, 5 ডিচেম্বৰ : আঞ্চলিক ৰাজনীতিৰ ধব্জাবাহক দল অসম গণ পৰিষদ ৷ বৰ্তমান সময়ত এই দলে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ যি হেতালি খেলিছে তাক লৈ অসন্তুষ্টি কাকপথাৰ অগপ দল ৷ "অগপ নেতৃত্বৰ কথা আমি নামানো, কেব আমি বিৰোধ কৰিম" কাকপথাৰ আঞ্চলিক অগপৰ সভাপতিৰ বিস্ফোৰক মন্তব্য ৷ কাকপথাৰ আঞ্চলিক সমিতিৰ সভাপতি ৰঞ্জন চুতীয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে তৃণমুল কৰ্মী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধী ৷ অগপ কাকপথাৰ আঞ্চলিক সমিতিৰ কৰ্মকতা সকল ৰাইজৰ লগত আছে আৰু ৰাইজৰ লগত থাকিব বুলিও মন্তব্য কৰে ৷ অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে কান্দি কান্দি নাটক কৰা বুলি মন্তব্য কৰে আৰু লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধ কৰিবলৈ আহ্বান জনায় ৷

কাকপথাৰ আঞ্চলিক অগপৰ সভাপতি

For All Latest Updates

ABOUT THE AUTHOR

...view details