অসম

assam

ETV Bharat / state

বিহুৰ মাজতে তিনিচুকীয়াত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ - আদৰ্শ গাঁও

চৰকাৰে নাগৰিকত্ব সংশোধনী আইন ৰাজ্যত বলৱৎ কৰাৰ পিছতো স্তিমিত হোৱা নাই প্ৰতিবাদ ৷ সম্প্ৰতিও ৰাজ্যৰ চুকে-কোণে অব্যাহত আছে এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ শুকুৰবাৰে এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ আদৰ্শ গাঁৱত ৷

নাগৰিকত্ব সংশোধনী আইন
প্ৰতিবাদ সাব্যস্ত তিনিচুকীয়াত

By

Published : Jan 17, 2020, 11:20 PM IST

তিনিচুকীয়া,17 জানুৱাৰীঃচৰকাৰে নাগৰিকত্ব সংশোধনী আইন ৰাজ্যত বলৱৎ কৰাৰ পিছতো স্তিমিত হোৱা নাই প্ৰতিবাদ ৷ সম্প্ৰতিও ৰাজ্যৰ চুকে-কোণে অব্যাহত আছে এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ শুকুৰবাৰে এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ সাংসদ আদৰ্শ গাঁৱত ৷উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰে মৰাণ ছাত্ৰ সন্থাৰ লাংকাছি শাখা সমিতি,লাংকাছি যুৱক সংঘ আৰু লাংকাছি মায়ামৰা নামঘৰৰ ভকত সমাজে ৷ গাঁৱখনৰ জাতি-ধৰ্ম-নিৰ্বিশেষে প্ৰায় ৫ শতাধিক ৰাইজে নামঘৰত একত্ৰিত হৈ সম্পূৰ্ণ মৰাণ ধৰ্মীয় ৰীতি-নীতিৰে সভা অনুষ্ঠিত কৰে ৷ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আইনখন বাতিল কৰিবলৈ অনুৰোধ জনায় ৷

প্ৰতিবাদ সাব্যস্ত তিনিচুকীয়াত

ABOUT THE AUTHOR

...view details