অসম

assam

By

Published : Feb 16, 2020, 11:13 PM IST

ETV Bharat / state

তিনিচুকীয়াৰ তৰাণী গাঁৱত গণ গৰ্জন কাৰ্যসূচী

দেওবাৰে তিনিচুকীয়া জিলাৰ বুঢ়িদিহিং মৌজাৰ অন্তৰ্গত তৰাণী গাঁৱত গণ গৰ্জন কাৰ্যসূচী ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে অনুষ্ঠিত হয় গণ গৰ্জন কাৰ্যসূচী ৷

তিনিচুকীয়া
তিনিচুকীয়াৰ তৰাণী গাঁৱত গণ গৰ্জন কাৰ্যসূচী

তিনিচুকীয়া, 16 ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰে দেওবাৰে তিনিচুকীয়া জিলাৰ বুঢ়িদিহিং মৌজাৰ অন্তৰ্গত ভিতৰুৱা তৰাণী গাঁৱত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয় । বিজেপিৰ তিনিচুকীয়া জিলা সমিতি সভাপতি লক্ষেশ্বৰ মৰাণৰ গৃহ গাঁও তৰাণী গাঁৱত ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয় এই প্ৰতিবাদী গণ গৰ্জন কাৰ্যসূচী ৷

তিনিচুকীয়াৰ তৰাণী গাঁৱত গণ গৰ্জন কাৰ্যসূচী

কাৰ্যসূচীত কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা, ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰী, দিল্লী বি. আৰ. আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ Member of Student Council ৰ অৰুণজী ইনিয়ান, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা লক্ষজ্যোতি গগৈ, উমানন্দ মৰাণৰ লগতে বৃহত্বৰ তৰাণী অঞ্চলৰ বহুংসখ্যক ৰাইজ উপস্থিত থাকে । উপস্থিত সকলোৱে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ লগতে কৃষক নেতা অখিল গগৈ আৰু অনান্য কাৰাবন্দী নেতাসকলৰ মুক্তিৰ দাবী কৰে ।

আৰু পঢ়কঃ ৰোগীক কান্ধত কঢ়িয়াই অনা চিকিৎসক ডাঃ দুলেন বৰা

ABOUT THE AUTHOR

...view details